"অহ! কি যে কপাল এইখন! পুৰুষ হৈ সমাজখনত চৌদিখতে যন্ত্ৰ্ৰণাত ভুগিছো সেয়া আৰু কিমান সহ্য কৰিম| আকৌ বিয়া কৰাই পত্নীৰ অত্যাচাৰত যি আপদগ্ৰস্ত হ’লো ইয়াক আৰু বৰ্ণনা নকৰো| কোনো ত্ৰানকাৰী শক্তিয়ে মোক আৰু এই আপদগ্ৰস্ততাৰ পৰা পৰিত্ৰান কৰাব নোৱাৰে| আজি নাৰী শক্তিয়ে জগত জিনিছে| সঁচাকৈ নাৰী হোৱাটো যে কিমান লাভজনক! ভিৰ-ভৰ বাছখনৰ পৰা বিভিন্ন কাৰণত, টিকত লোৱাৰ পৰা গেছৰ চিলিণ্ডাৰৰ বাবে লাইন লোৱালৈকে বিভিন্ন কাৰণত মাথো "লেডিচ ফাৰ্ষ্ট"| প্ৰখৰ ৰ’দত অথবা হাড় কঁপোৱা শীতৰ দিনতো আমিবোৰ এই লাইনবোৰত যিমান সময় থিয় দি নাথাকো কিয় কাৰোৰে কোনো গুৰুত্ব নাই| মাথোঁ "লেডিচ ফাৰ্ষ্ট"| লেডিচৰ এনেবোৰ সুবিধাৰ বাবে চিটিবাচত পাঁচ মিনিটৰ কাৰণে এজন বৃদ্বকো লেডিচৰ চিটত বহাৰ সুবিধাকণ দি তেওঁলোকে ক্ষন্তেকৰ বাবেও থিয় হ’ব নোৱাৰে| আৰু এই পিনে ভিৰ-ভাৰ বাছখনত থিয় হৈ থকা অথবা চিটত বহি থকা লেডিচসকলৰ শৰীৰত অজ্ঞাতভাৱে আমাৰ দৰে পুৰুষসকলৰ শৰীৰ স্পৰ্শ কৰিলেই জাঙুৰ খাই উঠে| সকলোবোৰ দিশতে যেন মানুহৰ মৌলিক অধিকাৰবোৰ লেডিচসকলেই এনেদৰেই ভোগ কৰিবলৈ পায়|"
ওপৰোক্ত লিখনিখিনি মোৰ এজন ব্যক্তিৰ লগত হোৱা কথোপকথন| ব্যক্তিজনে কোৱা কথাখিনি হুবহু ইয়াত তুলি দিয়া হ’ল| তেওৰ বয়স প্ৰায় ৫০ মান হ’ব চাগে| কিন্তু তেওৰ কথাখিনি কিছু পৰিমানে মন কৰিবলগীয়া| বিষেশকৈ চিটিবাছ, চিটত বহা, বৃদ্ব আৰু অজ্ঞাতভৱে স্পৰ্শ হোৱাৰ যিখিনি কথা তেখেতে কৈছিলে, সেইখিনি| বহু ক্ষেত্ৰত তেনেকুৱা হোৱা দেখা যায়| কিন্তু কথাটো ভাবি চাব লগীয়া| মোৰ চিটিবাছৰ অভিজ্ঞতা অতিসোনকালেই আপোনালোকৰ মাজলৈ লৈ আহিম| ক্ৰমশ... (আগলৈ)
স্মৃতিৰ সফুঁৰা
মোৰ জীৱন আৰু মোৰ অনুভৱ
Friday, 2 June 2017
চিটি বাছৰ অনুভৱ
মই আজি সুখী
কেনেকুৱা তোমাৰ?
বহুত ভাল| তোমাৰ কেনেকুৱা? কথাষাৰই কওতে গলতো বিষায় যোৱা যেন লাগিল|
তেও কলে, ভালেই আছো, তোমাৰ দৰেই বহুত ভাল|
বহুত কষ্টৰে হাহি এটি মাৰি তেওক সম্ভাষন জনাবলৈ সক্ষম হ’লো| তুমি আতৰি যোৱাৰ পৰা হাহিবোৰ জানো ক’ত হেৰাই গ’ল, আৰু যি এবাৰ গ’ল কেতিয়াও আৰু ঘুৰি নাহিল|
তুমিওতো আগতে তেনেকৈ কৈছিলা| কিন্তু এতিয়া সেই সকলোবোৰ যান্ত্ৰিকতা যেনহে লাগে| সেইবাবে সেইবোৰ কথালৈ এতিয়া একেবাৰে গুৰুত্ব নিদিও| তথাপি ভদ্ৰতাৰ খাতিৰত অনিচ্ছা সত্বেও ভাল নলগা কামবোৰ কৰিব লগা হয়|
"ভালপোৱা" শব্দতোৱে এতিয়া বহুত অস্বস্তিত পেলাই মোক| বহুত বেয়া পাও এতিয়া এই শব্দতো| আগৰ পৰাই যে বেয়া পাও তেনেকুৱা নহয়| বেয়া পোৱা বিষয়বোৰৰ ভিতৰত এই বিষয়টোক অন্তৰ্ভুক্ত কৰিবলগীয়া হোৱাত ম’ই অতিকৈ দুখী| কিন্তু কি কৰিম, উপায় নাই, বাধ্য হৈ গৈছো| বহুত চেষ্টা কৰিলো কথাবোৰ নিজে সমাধান কৰিবলৈ| কিন্তু দিশহাৰা ধুমুহা জাকে সকলো খেলি মেলি কৰি পেলালে|
সেইদিনাৰ সকলো কথাই মোৰ মনত আছে| গোটেই দিনতও তোমাৰ মোবাইল ফোনতো বন্ধ হৈ আছিল| ৰাতি তুমি খুলিছিলা ফোনতো| প্ৰথমবাৰ বাজি বাজি বন্ধ হৈ গৈছিল| দ্বিতীয়বাৰ ৰিচিভ কৰিয়ে তুমি কৈছিলা, "কি হ’ল? কিয় এই ৰাতিখন অসুবিধা দিছা?" ম’ই থতমত খাইছিলো| ম’ই সুধিলো কিয় গোটেই দিনতো বন্ধ কৰি থৈছা ফোনতো? তুমি ক’লা, কেতিয়াবা সময় নাথাকে, কেতিয়াবা ইচ্ছা নাথাকে, আজি এটাও নাই| মোক আমনি নিদিবা, ম’ই শোও|
ম’ই বোবা হৈ গৈছিলো, উশাহ বন্ধ হৈ গৈছিল, বুকুখন বিষায় উঠিছিলে| ম’ই ভাবি পোৱা নাছিলো তুমি সেইজনীয়ে আছিলানে যিয়ে ৰাতি ১, ২ বজাত মোৰ লগত কথা পাতিবলৈ সাৰে থাকিছিলা, আৰু যে ক’ত কি নকৰিছিলা| তুমি যে কৈছিলা আমাৰ সম্পৰ্ক ইয়াতেই শেষ কৰাই ভাল, তাৰ পিছত আৰু ম’ই একো শুনা নাছিলো|
সেইদিনাৰ পৰা তুমি আৰু মোৰ লগত কোনোধৰণৰ যোগাযোগ ৰখা নাই, আৰু ম’ইও চেষ্টা কৰা নাই| বহুত কান্দিব বিচাৰিছিলো, কিন্তু কান্দিব নোৱাৰিলো|
এতিয়া আৰু মোৰ মৰমৰ কোনো নাই| নিজৰ বাহিৰে এতিয়া আৰু আন কাকোৱেই ভাল নাপাও| নিজৰ ভাল লগা কামবোৰহে কৰো, সকলো নিজৰ বাবেই কৰো| সেইদিনাৰ পিছৰ পৰা ম’ই আৰু কেতিয়াও দুখ কৰা নাই| এতিয়া ম’ই আগতকৈ বেছি সুখী| অ’ ম’ই আজি সুখী, তোমাতকৈও বেছি, সকলোতকৈ বেছি, ম’ই আজি সুখী|
বন্যপ্ৰাণীৰ বৰ্তমান, মানুহৰ ভৱিষ্যত
অসমৰ বন্যপ্ৰাণীসমূহৰ সৰ্বাধিক দামী প্ৰজাতি- গড় হত্যাক লৈ কেৱল দেশতে নহয়, আন্তৰ্জাতিক ক্ষেত্ৰতো হৈ-চৈ হৈছে| পিছে গড় হত্যাৰ আৰৰ লোকসকলৰ নোমহে এডালো লৰাব পৰা নাই| কিছুদিন আগত সম্ভ্ৰান্ত ঘৰৰ বয়স্ক চিকাৰী এজনক হৰিণাৰ মাংসৰ সৈতে হাতে-লোটে ধৰা পেলায় আমাৰ সুযোগ্য বন-সংৰক্ষক বাহিনীয়ে| হৰিণাৰ মাংসই বৈৰী হোৱাৰ দৰে গড়ৰ মাংস নহয় খড়্গহে বৈৰী| পিছে তেওলোকে ইমান সহজে হৰিণ চিকাৰীজনক ধৰিলে কেনেকৈ?
ওচৰতে বহি থকা মোৰ বন্ধুজনে ক’লে- সহজ কথা, এটা হৰিণাৰ মাংসৰ মূল্য কিমাননো, কেইহাজাৰমান খুব বেছি| পিছে এটা গড়ৰ খড়্গৰ মূল্য কেইবালাখ টকালৈকে হয়| গড় চিকাৰীয়ে যদি প্ৰাপ্ত ধনৰ কেইখনমান মন্ত্ৰপুত নোট বাটে বাটে সিচি যায়, তেন্তে বন-ৰক্ষী বা বিষয়া-কৰ্মচাৰীৰ দৃষ্টি জলক-তবক লাগে| পিছে হৰিণ চিকাৰীৰ খুচুৰা পইচাত তেনে মন্ত্ৰ নাথাকে|
আচলতে মন্ত্ৰ বা মন্ত্ৰ জনা মন্ত্ৰীৰ হাততহে বন্যপ্ৰাণীৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে| আনহাতে তেনে মন্ত্ৰীৰ সচ্ছল ভৱিষ্যত নিৰ্ভৰ কৰিছে বন তথা বন্যপ্ৰাণীৰ বৰ্তমানৰ ওপৰত|
কবিতা আৰু কিছু অনুভৱ
বৰ্তমান অসমীয়া কবিতা আৰু কবিসকলৰ কথা কৈ শেষ কৰিব নোৱাৰি| ম’ই সাম্প্ৰতিক অসমীয়া কবিতা সম্প্ৰৰ্কে কোনো নীতিগত আলোচনা কৰিব খোজা নাই, মাত্ৰ তৰুণ প্ৰজন্মৰ কবিসকলৰ প্ৰচেষ্টা সম্পৰ্কে কব বিচাৰিছো| এইখিনিতে উল্লেখ কৰিব বিচাৰো যে কবিৰ সংখ্যা বৃদ্বিৰ লগে লগে যদি গুণগত মানৰো উন্নতি হয়, তেন্তে অসমীয়া কবিতাই সাফল্যৰ শিখৰ চুব| কবিৰ সংখ্যা বৃদ্বিৰ লগতে পাঠকৰ সংখ্যা বঢ়োৱাটোও সকলোৰে লক্ষ্য হোৱা উচিত| কবিসকলে দ্ৰুত সাফল্যৰ চুটি পথ নিবিচাৰি কবিতাৰ গভীৰতাৰ সাধনাত মনোনিৱেশ কৰাৰ লগতে ইয়াক সমাজ আৰু জীৱন-জিজ্ঞাসাৰ মাধ্যম কৰি লোৱাটো সকলোৰে কাম্য| সাফল্য অথবা স্বীকৃতি সকলোৱেই বিচাৰে, কিন্তু স্বীকৃতিয়েই প্ৰথম লক্ষ্য হ’লে এজন কবি পিছলৈ পথভ্ৰষ্ট হোৱাৰ দুৰ্ভাৱনাই অধিক|
কবিসকলক আৱেগিক, সৰল, সমাজদায়বদ্ব, নিষ্কলুষ চৰিত্ৰৰ ব্যক্তি বুলিয়েই সাধাৰণ মানুহে বিশ্বাস কৰে| তেওলোকে কবিতাত যি আদৰ্শ আৰু দায়বদ্বতাৰ কথা কয়, ব্যক্তিগত জীৱনতো সেই আদৰ্শৰ প্ৰতিফলন ঘটাটো আমাৰ সমাজে কামনা কৰে| পৰস্পৰৰ মাজত বিদ্বেষ আৰু খ্যাতিৰ প্ৰতিযোগিতাত লিপ্ত হোৱাৰ পৰিৱৰ্তে, সকলো কবিয়ে যদি সংগঠিত ৰূপত চৰ্চা অব্যাহত ৰাখে, তেন্তে কবিসকলো আমাৰ সমাজ জীৱনত শক্তিশালীৰূপে পৰিগণিত হ’ব পাৰে| আজি সমাজৰ পৰা যি দ্ৰুততাৰে মানৱীয়তা, সহৃদয়তা, সততা, সৰলতা আদি গুণৰ বিলুপ্তি ঘটিব ধৰিছে, তেনে সময়ত কবিসকলে যদি বাস্তৱ জীৱনটো তেওলোকৰ কাব্য আদৰ্শৰ প্ৰতিফলন ঘটায় তেন্তে আজিৰ এই পৰিৱেশৰ যি অৱনতি হ’ব ধৰিছে সেয়া হয়তো বহুখিনি ৰোধ কৰিব পৰা যাব| ইয়াৰ জৰিয়তে কবিসকলে কেৱল সাহিত্য জগতলৈয়ে নহয়, নিশ্চয়কৈ সমাজ-জীৱনলৈও এক যোগাত্মক অৰিহণা আগবঢ়াব পাৰিব|
অপৰাধ মোৰ
নেজানো তেওৰ চকুয়ে কাক বিচাৰিছিলে,
আশাৰ মায়াবী পখীটি মিছাকৈয়ে উৰি ফুৰিছিল,
যিমানেই তেও আগবাঢ়িছিল দুৰত্ব বাঢ়িহে গৈছিল,
সপোন লক্ষ্য আছিলে আৰু লক্ষ্য সপোন,
পথৰ পৰা পথ ওলায়ে গৈ আছিল,
নেজানো কাৰ বাবে আশাৰ মায়াবী পখীটি মিছাকৈয়ে উৰি ফুৰিছিল,
পুৰণি স্মৃতি বোৰে মোৰ পথত থিয় হৈ মোক কয়,
ইমান ৰ’দত এনেকৈ কিমান ঘুৰি ফুৰিবা,
আহা অকণমান পাৰ হৈ অহা দিনবোৰৰ শীতল ছাত জিৰাই লোৱাহি,
সেই সময় বোৰৰ কথা কও,
য’ত মৰমৰ ফুল ফুলিছিলে,
য’ত কৰোবাৰ ৰূপালী মাতে খিল খিলাই হাহিছিলে,
য’ত কৰোবাৰ চকুৰ পৰা মৰমৰ মুকুতা-মণি সৰিছিলে.
কিন্তু সচাকৈয়ে অপৰাধ মোৰ,
বাওনা হৈ জো’নলৈ হাত মেলিছিলো,
আকাশ খনক মাতিলৈ আনিব বিচাৰিছিলো,
ভাবিছিলো শিলতো ফুল ফুলিব,
কাইতৰ মাজত মৰমৰ সুগন্ধি বিচৰিছিলো,
জুইৰ পৰা শীতলতাৰ আশা কৰিছিলো,
হি’মৰ মাজত বিচাৰিছিলো উমাল মৰম,
সপোন যি দেখিছিলো সচা হোৱাতো বিচাৰিছিলো,
ইয়াৰ বাবে ম’ইতো শাস্তি পাব লগা আছিল পাবয় লাগিব,
সচাকৈয়ে অপৰাধ মোৰহে.....
জোনাকী বাট
যোৱা ৰাতি জোনজনীক আকৌ দেখিলো,
বহুদিনৰ পিছত,
অজস্ৰ তৰাৰ ভিৰৰ মাজতো অকলশৰীয়া,
তথাপি যেন সুখী,
জোনাকৰ পোহৰ বিলোৱাৰ অপাৰ হেঁপাহেৰে ওলাইছিলহি,
চপৰা-চপৰ ডাঁৱৰবোৰে ঢাকিব খুজিছিল জোনজনীক,
সকলো বাধা নেঁওচি জোনাকৰ পোহৰ বিলাইছে মাথোঁ জোনজনীয়ে,
ফাগুনৰ বতাহৰ লগত উৰি অহা ধুলিয়ে ধুসৰ কৰিব নোৱাৰাকৈ,
ফাগুনৰ শুকান আকাশখন উজ্বলাই তুলিছেহি জোনাকেৰে,
মাথোঁ সকলোকে আগুৱাই লৈ যাবলৈ বুলি,
জোনাঁকী বাটেৰে,
আজি সাৰে আছো আকৌ জোনজনীক চোৱাৰ হেপাঁহেৰে,
ৰৈ আছো জোনাকী বাট জোনাকী হোৱালৈ,
জোনজনীৰ পোহৰত জোনাকী বাটেৰে তোমাৰ সৈতে আগুৱাবলৈ,
জোনজনীয়ে ডাঁৱৰ ফালি ওলাই অহাৰ দৰেই,
তুমি আহিবা তোমাৰ মুখমণ্ডলত উৰি থকা চুলি টাৰি গুচাই,
মোৰ মন আকশ উজ্বলাবলৈ,
মোৰ জীৱন বাটৰ জোনাকী সঙ্গী হ’বলৈ.....
Friday, 5 May 2017
মুকবধিৰ
মুকবধিৰ হৃদয়ৰ অনুভূতি জানো প্ৰকাশ পাব
হৃদয়ৰ ভগ্ন টুকুৰাবোৰ জানো কেতিয়াবা যোৰ লাগিব
শোণিতৰ চকুলোৰ সোত জানো ৰুদ্ধ হব
স্মৃতিৰ সফুঁৰা বুকুত বান্ধি জীয়াই আছোঁ মাথোঁ
জীৱন বাটেৰে আগবাঢ়ি গৈছোঁ মাথোঁ
অকলে নীৰৱে লক্ষ্যহীনভাৱে..... 💟
Tuesday, 4 April 2017
কৃষ্ণচূড়া
কৃষ্ণচূড়াই ৰাঙলী কৰিব নোৱাৰে মোৰ মন,
হৃদয়ৰ অনুভূতি আজি মৃত্যুৰ দুৱাৰদলিত,
দুচকুৰে নিগৰি ৰৈছে মাথোঁ চেছা শোণিতৰ চকুলো,
চেছা হৈ কলা হোৱা শোণিতৰ চেকুৰা চেকুৰ দাগ মাথোঁ,
হৃদয় নামৰ কলিজাখনত,
আৰু নালাগে ভালপোৱাৰ প্ৰতাৰণা,
নিলিখো আৰু প্ৰেমৰ দস্তাবেজ,
দুচকুৰ শোণিতেৰে ধুই পেলাম স্মৃতিৰ সফুঁৰা.....💞
Tuesday, 28 March 2017
মৰহি যোৱা প্ৰেম
নিদিও মৰহিব জীৱ্ন ফুলটি,
ৰাখিম সযতনে জীৱন থাকে মানে,
দুধাৰি চকুলোৰে জীপাল কৰিম,
আজন্ম হৈ থাকিব সেউজীয়া মন ফুলনি,
তাতেই উমলিব প্ৰেমৰ পখীটি,
উবুৰিয়াই দিম সাচতীয়া প্ৰেমৰ হৃদয় জোলোঙাখনি.....
এধানি আশা মাথো জীয়াই থকাৰ,
এটি সপোন মাথো জীৱন পোৱাৰ,
এপাহ ফুল মাথো মৰম দিয়াৰ,
এসোতা তেজ মাথো জীপাল কৰা,
আৰু.....
আৰু এগছি চাকি মাথো তোমাৰ মৰমৰ,
আৰু এটি ভগ্ন হৃদয়,
আৰু কেইটামান টুকুৰা সেই ভগ্ন হৃদয়ৰ,
ৰৈ আছোহি মাথো তোমাৰ অপেক্ষাত,
তোমাৰ লগত জীৱন পোৱাৰ মাথো এটি আশাত.....
গোলাপ
গোলাপ যে নহয় মাথো এটি ফুল,
হৃদয়ৰ তেজেৰে লুতুৰি-পুতুৰি,
টুকুৰা এটি মোৰ ভগ্ন হৃদয়ৰ,
ৰাখিবা সযতনে তোমাৰ মন ফুলনিত,
ফুলিব দিয়া আকৌ নতুন কলিটি,
মৰহি যাব নিদিবা প্ৰেমৰ পাহি বোৰ,
জীপাল কৰি তোলা প্ৰেমৰ শিপাবোৰ,
তোমাৰ হৃদয়ৰ এধানি মৰমেৰে.....
বৃষ্টি
মোৰ প্ৰেমত তোমাৰ মৰমৰ বৃষ্টি,
বৃষ্টিয়ে দি যায় মোৰ বুকুৰ শুকান মৰুত এধানি আশা,
জীপাল কৰে মোৰ হৃদয় বৃক্ষৰ শিপাবোৰ,
উপচাই মৰমৰ নৈখনি,
বোৱাই আনে তোমাৰ মৰমৰ দৰিকনা,
মোৰ বুকুৰ যৌৱন ঘাটলৈ,
ধুৱাই নিয়ে মোৰ অতৃপ্ত হৃদয়,
উবুৰিয়াই পেলাই মোক তোমাৰ মৰমৰ বৃষ্টিত,
ভালপাওঁ মোৰ মন পদূলিত তোমাৰ মৰমৰ বৃষ্টি,
সেয়ে যে প্ৰিয় বৃষ্টি মোৰ,
সেয়েহে বৃষ্টি তুমি মোৰ.....
আধৰুৱা স্মৃতি - ১৬
তুমি কথা নকলেও দুখ নকৰো|
মোক নামাতিলেও বেয়া নাপাও|
সেই অধিকাৰ মোৰ কাহানিও নাছিল আৰু নাই|
তোমাক অন্ধকাৰৰ পাতালৰ পৰা তুলি আনিব নোৱাৰাৰ ব্যৰ্থতাই মোক হতাশ কৰিছে|
তথাপি মনে বিচাৰে তোমাৰ মুখৰ অকণ হাঁহি|
তোমাৰ নিৰ্বাক নিস্তেজ উদাসীনতাই বৰ কষ্ট দিয়ে|
তাছপাতৰ ঘৰৰ দৰে ছিগি যাবলৈ নিদিবা আমাৰ জীৱনৰ এই বান্ধোন|
মোৰ প্ৰতি যদি বিৰাগ জন্মে ম’ই তোমাৰ পৰা নিজেই আতৰি আহিম|
অকণো দুখ নাপাও যদি তুমি তাতেই সুখী হোৱা|
কিয় যে লগ পালো তোমাক|
মোৰ সৈতে মিল আছিল|
সুখতো ম’ই, দুখতো ম’ই|
তোমাক লগ নাপালেই ভাল আছিল|
তোমাৰ বাবে একো কৰিব নোৱাৰিলো|
কেৱল তোমাৰ চকুপানী দেখি নিৰলে কান্দিব পাৰো|
দহি দহি নিজক সুধিব পাৰো কিয় ম’ই তোমাক পোহৰ দিব নোৱাৰিলো|
আধৰুৱা স্মৃতি - ১৫
বহুত ভাবিলো-গুণিলো যোৱা কেইদিনমান ধৰি|
আজি মই মনে মনে উপলব্ধি কৰিলো মই তোমাৰ বাবে কি?
ইমান সহজভাৱে তুমি বুজাই দিয়াৰ পিছতো ম’ই মূৰ্খই একো নুবুজিলো|
তুমি তোমাৰ ব্যৱহাৰেৰে বুজাই দিয়াৰ পিছতো ম’ই তোমাৰ পিছে পিছে দৌৰি থাকিলো|
বহুত ভুল হ’ল, বহুত দেৰি হ’ল|
ইমানদিনে তোমাৰ প্ৰতি কৰি অহা এনে আচৰণে ইমান দুখ দিছে যে বুকু ভাগি গৈছে|
আজিয়েই কান্দি লও, আৰু কোনোদিনে কাৰো বাবে নাকান্দো|
তুমি সদায় একেটা কথাতে লাগি থাকিলা|
তুমি কোনো কথাৰ মীমাংসা নিবিচাৰা|
কোনোদিন নকম বুলি ভাবিছিলো যি কম|
আজি একোকে ভয় নকৰো|
তোমাৰ পৰা পদে পদে ঘৃণাৰ বাহিৰে একো নাপালো|
বৰ বেছি তুমি নামাতিবা|
এনেয়েও তুমি সেইটোকে বিচাৰা|
ম’ই তোমাৰ দৰে টেলেণ্টেড নহব পাৰো, কিন্তু বুৰ্বক নহয়|
ফৰ্মেলিটীৰ কথা কবলৈ তোমাৰ অকণো দুখ নালাগিল নে?
কিদৰে তুমি ইমান নিষ্ঠুৰ হব পাৰিলা?
যি কৰিলা আৰু কেতিয়াও আন কাৰোৰে সৈতে নকৰিবা|
মোক বেয়া পাও বুলি কবলৈ তোমাৰ সত্ সাহস নহল|
ম’ই তোমাৰ দৰে ফাকি দিব নোৱাৰিলো|
তুমি নুবুজিলা তোমাৰ বাবে কোনোবাই কষ্ট পাই থাকে|
নাজানা তুমি তোমাৰ বাবে কোনোবাই কঢ়িয়াই লৈ ফুৰে বেদনাৰ বোজা|
ফৰ্মেলিটীৰ কথা কৈ আনৰ সৈতে মোক তুলনা কৰিবলৈ তোমাৰ অকণো বেয়া নালাগিল নে?
আজি আৰু কোনো দুখ নাই|
যি মোৰ নহয়, যাক নাপাও, যাক পাবলৈ ক্ষমতা নাই, তাৰ বাবে মিছাকৈয়ে হিয়া ধাকুৰি মৰিলো|
তোমাৰ বাবে ম’ই আনক মিছা কও|
তোমাৰ বাবে ম’ই নিজক ফাকি দিও|
তোমাৰ বাবে ম’ই ম’ই হৈ নাথাকিলো|
কি দৰকাৰ আছিল ইমান ভালপোৱা দেখুৱাবলৈ?
সকলো আজি মিছা হৈ গ’ল|
ধৰিব নোৱাৰিলো তোমাৰ মিছা ভালপোৱা|
দিনটোৰ ভিতৰতে কিমান যে সলনি হয় তোমাৰ স্থিতি|
একোবাৰ ভাবো তোমাৰ দৰে মোক কোনেও ইমান বেছি ভাল পাব নোৱাৰে|
আকৌ পিছ মুহুৰ্তত ভাৱ হয় ম’ই তোমাৰ বাবে কিমান বিৰক্তিকৰ|
আজিয়েই হেপাহ পলুৱাই কৈ লম মনৰ সকলো বিষাদ|
কথা দিছো তোমাক আৰু কোনোদিন আমনি নকৰো|
আগতে তোমাৰ ওপৰত অভিমান কৰি আৱেগৰ বশৱৰ্তী হৈ কৈছিলো|
আজি সুস্থিৰ মগজুৰে কৈছো ম’ই তোমাৰ পৰা গুছি আহিলো|
ম’ই তোমাৰ কথা ৰাখিব নোৱাৰিলো|
ম’ই তোমাৰ পৰা গুছি অহা নাই|
তুমি জোৰকৈ গুছি আহিবলৈ বাধ্য কৰালা|
ভালেই কৰিলা|
মোৰ দৰে আৱৰ্জনাবোৰে তোমাৰ জীৱন লেতেৰাহে কৰিব|
তুমি চাগে মোক উপহাস কৰিবা ম’ই নহলে তোমাৰ একো নহয়|
ম’ইনো কোন কূটা?
শেষ হৈ যায় যদি কৰোবাৰ লগত থকা ইণ্টিমেন্সী, হৈ পৰে সেয়া ফৰ্মেলিটী|
আৰু তোমাৰ ফৰ্মেলিটী মোক নালাগে|
তাতকৈ ফিৰ চে হম আজনবী বনজায়ে ত’ অত্চা হে|
আধৰুৱা স্মৃতি - ১৪
সৰু চহৰ খনলৈ বহুত মনত পৰিছে আজি।
মোৰ মৰমৰ সৰু চহৰখন|
বিশাল কংক্ৰিতৰ চহৰৰ ব্যস্ততাই পাহৰাই পেলাইছিল|
মোৰ মৰমৰ সৰু চহৰখনৰ জাৰৰ সুগন্ধি দিনবোৰৰ কথা|
এতিয়া চাগে সকলো ধান কঁটা আৰু মৰণা মৰাত ব্যস্ত|
বালি পথাৰৰখন চাগে সৰিয়ঁহ ফুলৰ সুগন্ধিৰে ভৰি পৰিছে|
এই সময়ত যে গোটেই বালি পথাৰখন হালধীয়া হৈ পৰে|
কিমান দিন যে হ’ল বালি পথাৰখন দেখা নাই|
বালি পথাৰৰ সেই সুমধুৰ মনোমোহা দৃশ্য উপভোগ কৰিব পৰা নাই|
আজি বহুদিনৰ পিছত আকৌ নিজৰ লগত বহিছো, হাতত আদা দিয়া চাহৰ পিয়লাটোলৈ|
আমি সকলোৱে গোটেই জীৱনটো কেৱল পোৱা নোপোৱাকলৈয়ে ব্যস্ত।
মইও তাৰ ব্যতিক্ৰম নহয়|
আজি ভাবিছো মোৰ মনে বিচৰা সকলো পাইও আজি মই সুখী জানো মা!!! তুমি যেতিয়া মোৰ ওচৰত নাই|
সেই যে দেউতাক এটা নতুন বেগ আৰু এযোৰ নতুন চেণ্ডেল দিম বুলি ভাবিছিলো, আজিলৈ দিয়া নহ’ল|
যন্ত্ৰবোৰৰ মাজত বাস কৰি কৰি আমিও যন্ত্ৰ হৈ পৰিছো আৰু মই চাগে অকণমান বেছি|
সম্পৰ্ক ৰক্ষা কৰিব চাগে মই একেবাৰেই নাজানিছিলো|
তুমি আৰু মই কেতিয়াও একেলগে থাকিব নোৱাৰো আৰু চাগে আতৰিও থাকিব নোৱাৰো|
কিছুদিন আগত এখন বিয়াত তোমাক আকৌ দেখিছিলো|
আগৰ দৰেই সুন্দৰ আৰু সেই হাঁহি থকা চকুজুৰিয়ে কথা কৈছিল|
এনেকুৱা লাগিছিল যেন আমি আকৌ কলেজৰ দিনবোৰলৈ উভতি গৈছো|
তেওঁও মোক দেখিলে, তাৰ লগে লগে মই চুলিখিনি থিক কৰিলো|
তেওঁ আগৰ দৰেই খিলখিলাই হাঁহিব ধৰিছিল|
সেই দিনা আমি বহু ৰাতিলৈ ৰেষ্টুৰেণ্টত বহি কথা পাতিছিলো|
পুৰণি বন্ধুৰদৰে অতীতৰ বহু কথা পাতিলো|
চাৰি ঘণ্টা সময় খুব হাঁহিলো দুয়োয়ে|
তাৰ পিছত মনত সাহস গোটাই শেষত মই সুধিলো "বিয়া হলানে?"
তেওঁ কলে "নাই", তোমাৰ দৰে আন কোনো ফেচা বিচাৰিয়ে নাপালো|
ৰেষ্টুৰেণ্টখন বন্ধ হবৰ সময় হ’ল|
আমি তাৰ পৰা ওলাই ফুটপাথেৰে খোজ ললো, বহুত সময়|
তেওঁৰ চাদঁৰৰ আচলটো বাৰে বাৰে উৰি আহি মোৰ মুখখনি ঢাকি ধৰিছিল|
তেওঁ হঠাতে মই লিখা পুৰণি কবিতা এটি গুণগুণাব লৈছিল|
মই আচৰিত হৈ কলো, তোমাৰ এইটো এতিয়াও মনত আছে|
তেওঁ কলে, মোৰ সকলো মনত আছে|
মোৰ হাতৰ আঙুলিবোৰে তেওঁৰ হাঁতৰ আঙুলি স্পৰ্শ কৰিছিল, তেওঁ একো নকলে|
বহুত সময় নীৰৱে থকাৰ পিছত মই কলো, এটা অৰ্থহীন কথা মনলৈ আহিছে|
তেওঁ কলে তোমাৰ সকলো কথাই অৰ্থহীন|
মই কলো, বলা মনে মনে বিয়া পাতি লও|
তেওঁ কলে, তোমাৰ এইটো আজিলৈকে কোৱা সকলোতকৈ বেছি অৰ্থহীন কথা|
কিছু সময় নীৰৱে থাকিল, তাৰ পিছত আকৌ কলে ভালপোঁৱা আৰু বিবাহৰ মাজত পাৰ্থক্য আছে|
শেতা পৰা মোৰ দুহাত
শেতা পৰা মোৰ দুহাতত এটা
পুৰণি সপোনৰ ছা,
চেচা পৰি যোৱা মোৰ তেজত এটা
শোকৰ সাগৰ,
সেই সাগৰৰ পাৰত নিৰ্জন ৰাতিৰ
ঘিটমিটীয়া আন্ধাৰ,
সেই ঘিটমিটীয়া আন্ধাৰৰ মাজতো এটা
প্ৰেমৰ বাট,
অকনমান প্ৰেম বিচাৰি অতবোৰ হুমুনিয়াহ
অতবোৰ হাহাকাৰ,
ঘিটমিটীয়া আন্ধাৰৰ গভীৰতাত অৰ্থহীন
মোৰ বৰ্তমান,
শেতা পৰা মোৰ দুহাতত এটা
পুৰণি সপোনৰ ছা,
সেই সপোনৰ ছাত দুটোপাল চকুলো তুমি
পেলাই যোৱা,
মোক ধৰুৱা কৰি থৈ যোৱা তোমাৰ
ভালপোৱাৰে||
আধৰুৱা স্মৃতি - ১৩
১৯৯৩ চন|
তাৰিখ ঠিক মনত নাই|
কিন্তু সেইদিনা দেওবাৰ আছিল আৰু গৰমৰ দিন|
মোৰ বয়স ৫ বছৰ, প্ৰাথমিক বিদ্যালয়লৈ যাবলৈ আৰম্ভ কৰিছিলো মাত্ৰ|
গোটেই দিনটো আনন্দৰে ভৰি আছিল|
এনেও দেওবাৰ বুলিলেতো আমৰ গা সাতখন-আঠখন লাগিছিলেই|
কিন্তু সেইদিনটো বিশেষ আছিল|
কাৰণ সেইদিনা পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিছিলে আৰু মোৰ পূজনীয় বৰদেউতা স্বৰ্গীয় ৰমাকান্ত কাকতি সভাপতি পদত জয়ী হৈছিলে|
ইয়াৰ আগতে তেওৰ বিষয়ে আপোনালোকক কিছু কথা কৈ লও বাৰু|
তেও এজন চিকিৎসক আৰু সমাজসেৱক আছিল|
সেই সময়ত যিহেতু চিকিৎসকৰ সংখ্যা নিচেই তাকৰ আছিলে সেইবাবে আমৰ গাওঁ আৰু ওচৰৰ ১০-১৫ খন গাৱতো খুবেই জনাজাত আছিল|
সৰু বোৰে ডাক্তৰ বৰদেউতা আৰু তেওৰ সমনীয়া আৰু জ্যেষ্ঠবোৰে কেৱল ডাক্তৰ বুলি মাতিছিলে|
মা’হতে কৈছিলে তেও হেনো ঢাকাত গৈছিল ডাক্তৰী পঢ়িবলৈ|
সেই সময়ত বাংলাদেশৰ জন্ম হোৱা নাছিল|
চাকৰি জীৱনৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁ সক্ৰিয় ৰাজনীতিত যোগদান কৰিছিল|
তেওঁৰ বিষয়ে ম’ই ইয়াতকৈ বেছি জনাৰ সুবিধা নেপালো|
বাৰু যিয়েই নহওক|
আপোনালোকক ওপৰত কৈছোৱেই যে তেওঁ ১৯৯৩ চনৰ পঞ্চায়ত নিৰ্বাচনত সভাপতি পদত জয়ী হৈছিলে|
সেই সময়ত মোৰ পঞ্চায়ত, নিৰ্বাচন ইত্যাদি সম্পৰ্কে কোনো ধাৰণা নাছিল|
তথাপি আনন্দ লাগিছিল|
অসংখ্য মানুহেৰে ঘৰ ভৰি পৰিছিল|
এনেকৈ দিনটো ব্যস্ততাৰে ভৰি পৰিছিল|
বহু ৰাতিলৈ মানুহে বৰদেউতাক শুভেচ্ছা জনাব আহি আছিল|
ৰাতি ১১ মান বজাত ভাত খাই উঠি সকলোৱে শুবৰ বাবে সাজু হৈছিল|
ঠিক সেই সময়তে আমৰ ঘৰলৈ সোমোৱা একেবাৰে বাহিৰৰ মুখ্য দুৱাৰৰ ওচৰত ওলমি থকা ঘণ্টাতো বাজি উঠিল|
বৰদেউতাই কলে, কোনোবাই চাগে মোক লগ পাব আহিছে, ম’ই চায় আহো, তহত যাব নালগে|
তথাপি মোৰ মা বৰদেউতাৰ পিছে পিছে গ’ল|
মায়ে সেই সময়ত মোক কোলাত লৈ টোপনি নিয়াবলৈ চেষ্টা কৰিছে|
কিন্তু মোৰ টোপনি অহা নাই|
সেই সময়ত বৰদেউতাৰ পিন্ধনত দীঘল হাতৰ বগা বনিয়ান এটা আৰু ইটা ৰংৰ পায়্জামা এটা|
তেও দুৱাৰ খোলাৰ শব্দ শুনি ম’ই মুৰ ডাঙিলো|
দুৱাৰ খুলিয়ে তেও গহীন ভৱে কলে "কাক লাগে?"
সেইটো ফলৰ পৰ উত্তৰ আহিল "মানুহ লাগে|"
ম’ই জুমি চালো|
অকণমান দুৰত জ্বলি থকা ৬০ ৱাটৰ বিজুলী বাটিতোৰ পোহৰত দেখিলো ২ জন মানুহ|
সিহঁতৰ পিন্ধনত কলা কাপোৰ আৰু মুখখনো কলা কাপোৰেৰে মেৰিয়াই ৰাখিছে|
চকু কেইটা ওলাই আছে মাত্ৰ|
আন এজনে মোৰ মাক লক্ষ্য কৰি কলে "আপুনি ভিতৰলৈ যাওক|"
কিন্তু মা তাতেই থাকিল|
তাৰ পিছত বৰদেউতাই সুধিলে "কোন মানুহক লাগে?"
সেই ফালৰ পৰা কোনো উত্তৰ নাহিল|
আহিল মাত্ৰ তিনিটা বিকত কাণ তাল মাৰি যোৱা শব্দ|
মোৰ বুকু কপি গ’ল আৰু ভয়ত চকু মুদি মাক সাৱতি ধৰিলো|
কেইমুহুৰ্ত মান পিছত শব্দ শুনিলো ধৰ-ধৰ, পলাল, পলাল|
লগে লগে চাৰিওফালে চিঞৰ আৰু কন্দোনৰ আৰম্ভণি|
মুৰ তুলি ঘুৰি চায় দেখিলো বৰদেউতা মাটিত শুই আছে|
লগে লগে মোৰ দেউতা আৰু ডাঙৰ দাদা (বৰদেউতাৰ বৰ পুত্ৰ) উধাতু খাই দৌৰি আহিছে|
তেওলোকে বৰদেউতাক ডাঙিলৈ তেওৰ শোৱনি কোঠালৈ লৈ গ’ল|
ম’ই মাক সুধিলো, "মা, বৰদেউতাৰ কি হৈছে, সেই মানুহ দুজন কোন আছিল, সেই ভয় লগা শব্দটো কিহৰ আছিল?"
মায়ে একো নকলে আৰু দেউতাহতৰ পিছে পিছে বৰদেউতাৰ শোৱা কোঠাত সোমাল|
১০ মিনিট মানৰ ভিতৰত প্ৰায় গাৱৰ সকলো মানুহ গোট খাই গৈছিল|
মোৰ মা কোঠাটোৰ ভিতৰত সোমায় গ’ল|
ইতিমধ্যে সকলোৱে কান্দা আৰম্ভ কৰিছিল|
মোৰ মায়েও কান্দিছিল আৰু মায়ে কন্দা দেখি ময়ো কন্দিছিলো|
কোঠাটোৰ ভিতৰত দেখিলো বৰদেউতা তেওৰ বিছনা খনত শুই আছে আৰু তেওৰ বগা ৰংৰ বনিয়াটোত তিনিটা ৰঙা ৰংৰ দাগ|
মাক ম’ই কিবা সোধাৰ আগতেই কোনোবাই পিছ্ফালে ফুচফুচাই কলে, "ডাক্তৰক কোনোবাই গুলিয়াই হত্যা কৰিলে"|
Tuesday, 10 January 2017
প্ৰেমৰ সুবাস
অশ্ৰুসিক্ত মোৰ দুগালৰ অপেক্ষা মাথো তোমাৰ উষ্ম দুহাতৰ,
শীতৰ নিষ্ঠুৰ কোবাল চেছা বতাহে সেৰেঙা কৰে যে প্ৰিয়াৰ দুহাত,
সেই সেৰেঙা দুহাতত পুৰণি সপোনৰ তিৰবিৰ চাকি গছি,
জ্বলি ৰ’ই মাথো মোৰ হৃদয়ৰ এসোতা তেজেৰে,
সেয়ে যে ভয় লাগে তেজেৰে তুমুৰালি খেলিবলৈ,
নেখেলো আৰু ভাল পোৱাৰ তেজাল খেল,
তাতোকৈ ভাল হ’ব ৰঙা গোলাপৰ পাহি,
গোলাপৰ পাহিৰে তোমাৰ বুকুলৈ বোৱাই দিয়া প্ৰেমৰ সুবাস.....
কান্দোন
কান্দোনৰ পৃথিৱীত যেন আৰু এটা কান্দোনৰ বেলি উদয় হয়|
বলিয়া মেঘৰ সেই ৰিক্ত আকাশ ৰহস্যময়তাত|
কান্দোনৰ সহচৰো দিগবলয়ৰ লগত|
যেন বিলিন হ’ব আৰু এক কল্লোলিত কান্দোনৰ অশান্তজৰ্জৰ দিগবলয়|
কান্দোনৰ কৰুণিক ঢৌ কোলাহলৰ মাজেৰে বাট আমাৰ|
স্বপ্নবাক সেই নাক্ষত্ৰিক হাহি পোহৰ|
বিমুগ্ধ বিষ্ময় ব্যকুলতাত বুৰ যাও অনাবিল আনন্দৰ সেই মায়াবী শিবিৰত|
হাত মেলি উৰি উৰি যায় নেকি তোমাৰ বুকুৰ পৰা গোট মাৰি শিল হোৱা, শিল হৈ চেচা হোৱা তোমাৰ বুকুৰ মৰম|
অজস্ৰ কান্দোনৰ সা ৰে গা মা পা.....|
কান্দি কান্দি আমি বুকু পাতি লও হেজাৰ হেজাৰ শোকৰ বুলেট|
কান্দি কান্দি আমি তেজত পুহি ৰাখো একালৰ সূৰ্য্য সতেজ|
কান্দিব জনাতো এক নিপুন কলা যদিহে তৰপে তৰপে অকা থাকে তাৰ সীমাহীন হৃদয়ৰ নিভাজ উত্তাপৰ ছায়াছবি|
প্ৰতিটো কান্দোনতে একোটা কবিতাৰ জন্ম|
প্ৰতিটো কবিতাতে জীৱনৰ বিৰল অৰ্থ|
প্ৰতিটো কান্দোনেই হব পাৰে একো একোটা প্ৰছণ্ড ধুমুহাৰ নাম|
প্ৰতিটো ধুমুহাই এছাৰি পেলাব পাৰে যন্ত্ৰণাৰ অলেখ নিৰ্মম পাহাৰ|
আৰু এই কান্দোনৰ মাজেদিয়েই তুমি ম’ই যাম এদিন খাণ্ডিবলৈ মাটি কিম্বা জ্বলাবলৈ চিটাৰ জুই|
আমাৰ প্ৰিয়জনৰ, আপোনজনৰ..... তাৰপিছত.....! আমাৰ.....?????