Tuesday, 28 March 2017

আধৰুৱা স্মৃতি - ১৩

১৯৯৩ চন|
তাৰিখ ঠিক মনত নাই|
কিন্তু সেইদিনা দেওবাৰ আছিল আৰু গৰমৰ দিন|
মোৰ বয়স ৫ বছৰ, প্ৰাথমিক বিদ্যালয়লৈ যাবলৈ আৰম্ভ কৰিছিলো মাত্ৰ|
গোটেই দিনটো আনন্দৰে ভৰি আছিল|
এনেও দেওবাৰ বুলিলেতো আমৰ গা সাতখন-আঠখন লাগিছিলেই|
কিন্তু সেইদিনটো বিশেষ আছিল|
কাৰণ সেইদিনা পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিছিলে আৰু মোৰ পূজনীয় বৰদেউতা স্বৰ্গীয় ৰমাকান্ত কাকতি সভাপতি পদত জয়ী হৈছিলে|

ইয়াৰ আগতে তেওৰ বিষয়ে আপোনালোকক কিছু কথা কৈ লও বাৰু|
তেও এজন চিকি‌‌ৎসক আৰু সমাজসেৱক আছিল|
সেই সময়ত যিহেতু চিকি‌‌ৎসকৰ সংখ্যা নিচেই তাকৰ আছিলে সেইবাবে আমৰ গাওঁ আৰু ওচৰৰ ১০-১৫ খন গাৱতো খুবেই জনাজাত আছিল|
সৰু বোৰে ডাক্তৰ বৰদেউতা আৰু তেওৰ সমনীয়া আৰু জ্যেষ্ঠবোৰে কেৱল ডাক্তৰ বুলি মাতিছিলে|
মা’হতে কৈছিলে তেও হেনো ঢাকাত গৈছিল ডাক্তৰী পঢ়িবলৈ|
সেই সময়ত বাংলাদেশৰ জন্ম হোৱা নাছিল|
চাকৰি জীৱনৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁ সক্ৰিয় ৰাজনীতিত যোগদান কৰিছিল|
তেওঁৰ বিষয়ে ম’ই ইয়াতকৈ বেছি জনাৰ সুবিধা নেপালো|

বাৰু যিয়েই নহওক|
আপোনালোকক ওপৰত কৈছোৱেই যে তেওঁ ১৯৯৩ চনৰ পঞ্চায়ত নিৰ্বাচনত সভাপতি পদত জয়ী হৈছিলে|
সেই সময়ত মোৰ পঞ্চায়ত, নিৰ্বাচন ইত্যাদি সম্পৰ্কে কোনো ধাৰণা নাছিল|
তথাপি আনন্দ লাগিছিল|
অসংখ্য মানুহেৰে ঘৰ ভৰি পৰিছিল|
এনেকৈ দিনটো ব্যস্ততাৰে ভৰি পৰিছিল|
বহু ৰাতিলৈ মানুহে বৰদেউতাক শুভেচ্ছা জনাব আহি আছিল|
ৰাতি ১১ মান বজাত ভাত খাই উঠি সকলোৱে শুবৰ বাবে সাজু হৈছিল|
ঠিক সেই সময়তে আমৰ ঘৰলৈ সোমোৱা একেবাৰে বাহিৰৰ মুখ্য দুৱাৰৰ ওচৰত ওলমি থকা ঘণ্টাতো বাজি উঠিল|
বৰদেউতাই কলে, কোনোবাই চাগে মোক লগ পাব আহিছে, ম’ই চায় আহো, তহত যাব নালগে|
তথাপি মোৰ মা বৰদেউতাৰ পিছে পিছে গ’ল|
মায়ে সেই সময়ত মোক কোলাত লৈ টোপনি নিয়াবলৈ চেষ্টা কৰিছে|
কিন্তু মোৰ টোপনি অহা নাই|
সেই সময়ত বৰদেউতাৰ পিন্ধনত দীঘল হাতৰ বগা বনিয়ান এটা আৰু ইটা ৰংৰ পায়্জামা এটা|
তেও দুৱাৰ খোলাৰ শব্দ শুনি ম’ই মুৰ ডাঙিলো|

দুৱাৰ খুলিয়ে তেও গহীন ভৱে কলে "কাক লাগে?"
সেইটো ফলৰ পৰ উত্তৰ আহিল "মানুহ লাগে|"
ম’ই জুমি চালো|
অকণমান দুৰত জ্বলি থকা ৬০ ৱাটৰ বিজুলী বাটিতোৰ পোহৰত দেখিলো ২ জন মানুহ|
সিহঁতৰ পিন্ধনত কলা কাপোৰ আৰু মুখখনো কলা কাপোৰেৰে মেৰিয়াই ৰাখিছে|
চকু কেইটা ওলাই আছে মাত্ৰ|
আন এজনে মোৰ মাক লক্ষ্য কৰি কলে "আপুনি ভিতৰলৈ যাওক|"
কিন্তু মা তাতেই থাকিল|

তাৰ পিছত বৰদেউতাই সুধিলে "কোন মানুহক লাগে?"
সেই ফালৰ পৰা কোনো উত্তৰ নাহিল|
আহিল মাত্ৰ তিনিটা বিকত কাণ তাল মাৰি যোৱা শব্দ|
মোৰ বুকু কপি গ’ল আৰু ভয়ত চকু মুদি মাক সাৱতি ধৰিলো|
কেইমুহুৰ্ত মান পিছত শব্দ শুনিলো ধৰ-ধৰ, পলাল, পলাল|
লগে লগে চাৰিওফালে চিঞৰ আৰু কন্দোনৰ আৰম্ভণি|
মুৰ তুলি ঘুৰি চায় দেখিলো বৰদেউতা মাটিত শুই আছে|
লগে লগে মোৰ দেউতা আৰু ডাঙৰ দাদা (বৰদেউতাৰ বৰ পুত্ৰ) উধাতু খাই দৌৰি আহিছে|
তেওলোকে বৰদেউতাক ডাঙিলৈ তেওৰ শোৱনি কোঠালৈ লৈ গ’ল|
ম’ই মাক সুধিলো, "মা, বৰদেউতাৰ কি হৈছে, সেই মানুহ দুজন কোন আছিল, সেই ভয় লগা শব্দটো কিহৰ আছিল?"
মায়ে একো নকলে আৰু দেউতাহতৰ পিছে পিছে বৰদেউতাৰ শোৱা কোঠাত সোমাল|
১০ মিনিট মানৰ ভিতৰত প্ৰায় গাৱৰ সকলো মানুহ গোট খাই গৈছিল|
মোৰ মা কোঠাটোৰ ভিতৰত সোমায় গ’ল|
ইতিমধ্যে সকলোৱে কান্দা আৰম্ভ কৰিছিল|
মোৰ মায়েও কান্দিছিল আৰু মায়ে কন্দা দেখি ময়ো কন্দিছিলো|
কোঠাটোৰ ভিতৰত দেখিলো বৰদেউতা তেওৰ বিছনা খনত শুই আছে আৰু তেওৰ বগা ৰংৰ বনিয়াটোত তিনিটা ৰঙা ৰংৰ দাগ|
মাক ম’ই কিবা সোধাৰ আগতেই কোনোবাই পিছ্ফালে ফুচফুচাই কলে, "ডাক্তৰক কোনোবাই গুলিয়াই হত্যা কৰিলে"|

No comments:

Post a Comment