বৰ্তমান অসমীয়া কবিতা আৰু কবিসকলৰ কথা কৈ শেষ কৰিব নোৱাৰি| ম’ই সাম্প্ৰতিক অসমীয়া কবিতা সম্প্ৰৰ্কে কোনো নীতিগত আলোচনা কৰিব খোজা নাই, মাত্ৰ তৰুণ প্ৰজন্মৰ কবিসকলৰ প্ৰচেষ্টা সম্পৰ্কে কব বিচাৰিছো| এইখিনিতে উল্লেখ কৰিব বিচাৰো যে কবিৰ সংখ্যা বৃদ্বিৰ লগে লগে যদি গুণগত মানৰো উন্নতি হয়, তেন্তে অসমীয়া কবিতাই সাফল্যৰ শিখৰ চুব| কবিৰ সংখ্যা বৃদ্বিৰ লগতে পাঠকৰ সংখ্যা বঢ়োৱাটোও সকলোৰে লক্ষ্য হোৱা উচিত| কবিসকলে দ্ৰুত সাফল্যৰ চুটি পথ নিবিচাৰি কবিতাৰ গভীৰতাৰ সাধনাত মনোনিৱেশ কৰাৰ লগতে ইয়াক সমাজ আৰু জীৱন-জিজ্ঞাসাৰ মাধ্যম কৰি লোৱাটো সকলোৰে কাম্য| সাফল্য অথবা স্বীকৃতি সকলোৱেই বিচাৰে, কিন্তু স্বীকৃতিয়েই প্ৰথম লক্ষ্য হ’লে এজন কবি পিছলৈ পথভ্ৰষ্ট হোৱাৰ দুৰ্ভাৱনাই অধিক|
কবিসকলক আৱেগিক, সৰল, সমাজদায়বদ্ব, নিষ্কলুষ চৰিত্ৰৰ ব্যক্তি বুলিয়েই সাধাৰণ মানুহে বিশ্বাস কৰে| তেওলোকে কবিতাত যি আদৰ্শ আৰু দায়বদ্বতাৰ কথা কয়, ব্যক্তিগত জীৱনতো সেই আদৰ্শৰ প্ৰতিফলন ঘটাটো আমাৰ সমাজে কামনা কৰে| পৰস্পৰৰ মাজত বিদ্বেষ আৰু খ্যাতিৰ প্ৰতিযোগিতাত লিপ্ত হোৱাৰ পৰিৱৰ্তে, সকলো কবিয়ে যদি সংগঠিত ৰূপত চৰ্চা অব্যাহত ৰাখে, তেন্তে কবিসকলো আমাৰ সমাজ জীৱনত শক্তিশালীৰূপে পৰিগণিত হ’ব পাৰে| আজি সমাজৰ পৰা যি দ্ৰুততাৰে মানৱীয়তা, সহৃদয়তা, সততা, সৰলতা আদি গুণৰ বিলুপ্তি ঘটিব ধৰিছে, তেনে সময়ত কবিসকলে যদি বাস্তৱ জীৱনটো তেওলোকৰ কাব্য আদৰ্শৰ প্ৰতিফলন ঘটায় তেন্তে আজিৰ এই পৰিৱেশৰ যি অৱনতি হ’ব ধৰিছে সেয়া হয়তো বহুখিনি ৰোধ কৰিব পৰা যাব| ইয়াৰ জৰিয়তে কবিসকলে কেৱল সাহিত্য জগতলৈয়ে নহয়, নিশ্চয়কৈ সমাজ-জীৱনলৈও এক যোগাত্মক অৰিহণা আগবঢ়াব পাৰিব|
Friday, 2 June 2017
কবিতা আৰু কিছু অনুভৱ
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment