Friday, 2 June 2017

চিটি বাছৰ অনুভৱ

    "অহ! কি যে কপাল এইখন! পুৰুষ হৈ সমাজখনত চৌদিখতে যন্ত্ৰ্ৰণাত ভুগিছো সেয়া আৰু কিমান সহ্য কৰিম| আকৌ বিয়া কৰাই পত্নীৰ অত্যাচাৰত যি আপদগ্ৰস্ত হ’লো ইয়াক আৰু বৰ্ণনা নকৰো| কোনো ত্ৰানকাৰী শক্তিয়ে মোক আৰু এই আপদগ্ৰস্ততাৰ পৰা পৰিত্ৰান কৰাব নোৱাৰে| আজি নাৰী শক্তিয়ে জগত জিনিছে| সঁচাকৈ নাৰী হোৱাটো যে কিমান লাভজনক! ভিৰ-ভৰ বাছখনৰ পৰা বিভিন্ন কাৰণত, টিকত লোৱাৰ পৰা গেছৰ চিলিণ্ডাৰৰ বাবে লাইন লোৱালৈকে বিভিন্ন কাৰণত মাথো "লেডিচ ফাৰ্ষ্ট"| প্ৰখৰ ৰ’দত অথবা হাড় কঁপোৱা শীতৰ দিনতো আমিবোৰ এই লাইনবোৰত যিমান সময় থিয় দি নাথাকো কিয় কাৰোৰে কোনো গুৰুত্ব নাই| মাথোঁ "লেডিচ ফাৰ্ষ্ট"| লেডিচৰ এনেবোৰ সুবিধাৰ বাবে চিটিবাচত পাঁচ মিনিটৰ কাৰণে এজন বৃদ্বকো লেডিচৰ চিটত বহাৰ সুবিধাকণ দি তেওঁলোকে ক্ষন্তেকৰ বাবেও থিয় হ’ব নোৱাৰে| আৰু এই পিনে ভিৰ-ভাৰ বাছখনত থিয় হৈ থকা অথবা চিটত বহি থকা লেডিচসকলৰ শৰীৰত অজ্ঞাতভাৱে আমাৰ দৰে পুৰুষসকলৰ শৰীৰ স্পৰ্শ কৰিলেই জাঙুৰ খাই উঠে| সকলোবোৰ দিশতে যেন মানুহৰ মৌলিক অধিকাৰবোৰ লেডিচসকলেই এনেদৰেই ভোগ কৰিবলৈ পায়|"
    ওপৰোক্ত লিখনিখিনি মোৰ এজন ব্যক্তিৰ লগত হোৱা কথোপকথন| ব্যক্তিজনে কোৱা কথাখিনি হুবহু ইয়াত তুলি দিয়া হ’ল| তেওৰ বয়স প্ৰায় ৫০ মান হ’ব চাগে| কিন্তু তেওৰ কথাখিনি কিছু পৰিমানে মন কৰিবলগীয়া| বিষেশকৈ চিটিবাছ, চিটত বহা, বৃদ্ব আৰু অজ্ঞাতভৱে স্পৰ্শ হোৱাৰ যিখিনি কথা তেখেতে কৈছিলে, সেইখিনি| বহু ক্ষেত্ৰত তেনেকুৱা হোৱা দেখা যায়| কিন্তু কথাটো ভাবি চাব লগীয়া| মোৰ চিটিবাছৰ অভিজ্ঞতা অতিসোনকালেই আপোনালোকৰ মাজলৈ লৈ আহিম|                                     ক্ৰমশ...    (আগলৈ)

No comments:

Post a Comment