অকণমান আগত এজাক বৰষুণ আহিল,
এজাক চিপচিপীয়া শীতৰ সেমেকা বৰষুণ,
গীত গাইছে প্ৰকৃতিয়ে,
বৰষুণজাকক লগত লৈ সুমধুৰ সেমেকা শীতৰ গীত,
বাহিৰত ঘন কুৱঁলি,
আকাশত দুই-এটি তৰাৰ তিৰবিৰনি,
তৰাবোৰৰ দৰেই তিৰবিৰাইছে মোৰ মন আকাশত তোমাৰ সপোনবোৰ,
ডাঠ কুৱঁলিৰে আৱৰা মোৰ মন,
তথাপি মনিব পাৰিছো তোমাৰ উজলি থকা নীলা চকুজুৰি,
শীতৰ সেমেকা বৰষুণজাকে ম্লান কৰিব নোৱাৰা উজ্বলতা তাত,
শীতৰ কুৱঁলিয়ে ঢাকি ৰাখিব নোৱাৰা সপোন আছে তাত,
এনে এটা সেমেকা শীততে প্ৰতিশ্ৰুতি দিছিল বৰষুণ জাকে,
জীৱন দিয়াৰ প্ৰতিশ্ৰুতি,
মনত আছে জানো তোমাৰ,
পাহৰিলা চাগে তুমি,
সেই সেমেকা শীতত একেলগে জীৱনৰ গীত গোৱা দিনবোৰ,
জীৱন নদীত একেলগে নাওঁ মেলাৰ প্ৰতিশ্ৰুতি দিয়াৰ দিনবোৰ,
শীতৰ সেমেকা বৰষুণজাকে উতুৱাই নিলে সকলো,
তথাপি প্ৰিয় মোৰ শীতৰ সেমেকা বৰষুণজাক,
মোৰ চেনেহৰ শীতৰ সেমেকা বৰষুণজাক..... :)
No comments:
Post a Comment