আচলতে মই তেওক ভাল পাই পেলাইছিলো|
কৰ্ডলেচ ফোনতো লিৰিকি-বিদাৰি আজি আজি লগা আগৰ কথাবোৰ পুনৰ ক’বলৈ ধৰিলে|
তেওৰ মাজত মই নিজকে বিচাৰি পাইছিলো|
এয়া সচা যে তেও মোক কেৱল বন্ধু বুলিয়ে ভাবিছিল যদিও মই কিন্তু তাইক মনে-প্ৰাণে ভাল পাই পেলাইছিলো|
কিন্তু ভালপোৱাতো কাৰোবাৰ ওপৰত জোৰকৈ জাপি দিব নোৱাৰি, তথাপি.....|
মই তেওক ভাল পোৱাৰ প্ৰস্তাৱ দিলেও তেও গ্ৰহণ নকৰিলে|
আচলতে তেও মোক কেতিয়াও প্ৰেমিকৰ দৃষ্টিৰে চোৱাই নাছিল|
মই তেওৰ বাবে এজন ভাল বন্ধুহে আছিলো|
তেওৰ একেবাৰে ওচৰ চপা প্ৰথম যুৱক মই|
আমাৰ বন্ধুত্ব আগৰ দৰেই থাকিল|
এদিনৰ কথা, দুয়ো গধুলি নৈৰ পাৰে পাৰে খোজ কাঢ়ি গৈ থাকোতে নাজানো মোৰ মনত কিয় আহিল কথাতো, মই তেওক সুধিলো, তোমাৰ বিয়ালৈ মোক মাতিবানে?
তেও অকণমান আচৰিত হৈ মোৰ ফালে চাই সুধিলে, এনেকুৱা কথা কিয় কৈছা?
মই কিবা কোৱাৰ আগতেই তেও কলে, কিয় নামাতিম তোমাক! মাতিম|
তাৰ পিছত বহুত সময় দুয়োৰে মাজত মাতবোল নাই|
কিছু সময় পিছত মই নীৰৱতা ভংগ কৰি কলো, মোক সোধাচোন মই তোমাৰ বিয়ালৈ যামনে নাই|
তেও কলে কিয় তেনেকৈ কৈছা তুমি?
অকণমান ৰ’বা|
মই সুধিলো কি হ’ল?
তেও কলে, এইখিনি কথা মই আগতে কৰবাত শুনিছো, ক’ত শুনিছিলো?
অ’ অ’ চিনেমাত শুনিছো|
এই বদমাছ, মোৰ আগত চিনেমাৰ হিৰ’ৰ ডায়লগ মাৰিব আহিছা|
মই কলো হয়তো চিনেমাৰ হিৰ’ৰ লগত মোৰ ইম’চন মিলি গৈছে|
তেও কলে, যোৱা তুমি বৰ দুষ্ট|
এনেকুৱা কথাবোৰ কৈ তুমি মোক কি বুজাব বিচাৰিছা?
ভালপোৱাৰ কথা?
মই কি নুবুজো নেকি?
মই সকলো বুজো, কিন্তু.....|
নেজানো কি, কিন্তু তেও কিবা এটা কব খুজি ৰৈ গ’ল|
ঠিক এসপ্তাহ মান পিছত মই তেওক লগ পাই আকৌ কলো|
চোৱা কথাবোৰ যিমানেই নোকোৱাকৈ থাকিম সিমানেই কষ্ট পোৱা যায়, বুকুখন খুব বিষায়|
সেয়ে আকৌ এবাৰ কও, "মই তোমাক বহুত ভালপাও"||
No comments:
Post a Comment