কিন্তু বৰষুণ জাক মোৰ অচিনাকী নহয়,
সকলোবোৰ অচিনাকীৰ মাজতো নাজানো কিয় বৰষুণ জাক চিনাকী মোৰ,
চাগে ম’ই অকলশৰীয়া বুলি জানি,
মোৰ বাবেই নামি আহিছে,
আকাশৰ পৰা ধৰাৰ বুকুলৈ,
বহুতৰ বাবে বৰষুণ জাক আপদীয়া,
এই শীতত বৰষুণ জাকে কিছুমানক বাৰুকৈয়ে আমনি কৰিছে,
কিন্তু বৰষুণ জাক যে মোৰ বুকুৰ আপোন,
মোৰ অকলশৰীয়া শীতৰ সেমেকা ৰাতিবোৰৰ লগৰী,
মোৰ শুকান বুকুত মৰুৰ মাজৰ বোৱতী নৈ,
মোৰ জীৱনৰ শুকান ধাৰৰ সঞ্জীৱনীস্বৰূপ,
শীতৰ এই সেমেকা বৰষুণ জাক..... :)
No comments:
Post a Comment