মোক এটা সহায় কৰিবানে?
কোৱাচোন তুমি মোৰ বিষয়ে কি ভবা?
কোৱাচোন তুমি এইতো কেনেকৈ হোৱাতো বিচৰা?
মইতো মাত্ৰ সপোনহে দেখিব পাৰো|
কিন্তু তুমি, তুমি এখন ছবি অকা তোমাৰ সপোন বোৰৰ|
তুমি ভালপোৱা ৰঙ বোৰেৰে ছবিখন ভৰাই তোলা|
বিশেষকৈ তুমি মোৰ মনত যিখন ছবি আকিছা সেইখন|
মই জানো তুমি কেতিয়াও নোৱাৰা, আৰু তাৰবাবে মই তোমাক দোষো নিদিও, সেই অধিকাৰ মোৰ নাই|
কিন্তু তথাপি মনতোয়ে যে কেতিয়াবা বহুত বিচাৰে|
তুমি প্ৰায়ে এষাৰ কথা কৈছিলা কথাৰ মাজত "লাভ নাই", এতিয়া অনুভব কৰিছো, সচাকৈ জানা লাভ নাই|
বাৰু এতিয়া যে মই কিয় এইবোৰ কৈ আছো, বাদ দিয়া|
কি কৰি আছা এতিয়া, আগৰ দৰে নকবা যে মোৰ কথা ভবি আছা|
আগতে যেতিয়া তুমি তেনেকৈ কৈছিলা কিবা এটা ভল লাগিছিলে, কিন্তু এতিয়া সকলো যান্ত্ৰিকতা যেনহে লাগে|
সেইদিনা কিনো দৈবাত সিহতৰ ঘৰলৈ গলো, তাতহে তোমাৰ কথাতো গম পালো|
নহলেতো তুমি মোক কেতিয়াও নকও বুলিয়ে ভবিছিলা|
বাৰু এতিয়া আৰু তোমাক আগৰ কথাবোৰ কৈ আমনি নিদিও, সেইবোৰ কবলৈ মই অহাও নাই|
মই মাত্ৰ কামবোৰ কিমান আগবাঢ়িছে সেয়াহে এবাৰ খবৰ কৰিব আহিলো|
সেইদিনা সেই ৰূপতোত তোমাক চাবৰ বহুত মন আছে, কিন্তু সেই ভাগ্যও মোৰ নাই|
কি কৰিম, কোম্পেনীৰ চাকৰি, তাতে আকৌ নতুন কৈ সোমাইছো, থাকিব নোৱাৰো, যাবই লাগিব|
বাৰু এতিয়া আহো|
চোৱাচোন ইমান কথা বকিলো, কিন্তু আচল কথাতো কোৱাই নাই, নতুন বৈবাহিক জিৱনৰ বাবে আন্তৰিক শুভেচ্ছা থাকিল, এতিয়া আহো|
No comments:
Post a Comment