Friday, 20 January 2012

মোৰ কবলগীয়া নাই

মই কেতিয়াও বতাহৰ লগত যোৱা নাই|
মাত্ৰ বতাহে যিফালে লৈ যাব বিচাৰিছে সেইফালেই গৈছো|
কেতিয়াবা তোমাৰ ফালে|
তোমাৰ মনৰ দুৱাৰখন খোলা আছে বুলি|
আৰু নেদেখা নুবুজা বহুত কিবা কিবি আছে বুলি|
তুমি অহাৰ আগতে মই বহুত উৰিব চেষ্টা কৰিছিলো|
কিন্তু সফল হব পৰা নাছিলো|
উৰিবলৈ ডেউকা পোৱা নাছিলো|
যেতিয়া তুমি মোৰ জিৱনলৈ আহিলা, মোৰ গোটেই জিৱন সলনি কৰি পেলালা|
তুমি মোক আকাশখনিলৈ লৈ গলা|
মোক উৰিব শিকালা|
তোমাৰ বাবে মই বলিয়া হৈ পৰিলো|
এনেকুৱা লাগিল যেন তোমাৰ দুচকুতেই মোৰ পৃথিৱী|
তোমাৰ দুচকুত মই নিজকে হেৰুৱাই পেলালো|
তোমাৰ পৰা মই দুৰত থাকিব নোৱাৰো|
এনেকুৱা অনুভব হ’ল যেন তুমিও মোৰ মৰম বিচাৰিয়ে আহিছা|
মই তুমি জনাতো বিচাৰো যে মোৰ জিৱন আকাশ কেৱল তোমাৰ বাবে|
মই তোমাৰ কথাত কি অনুভব কৰো|
কিন্তু কেতিয়াবা এনেকুৱা লাগে যেন তোমাৰ জানিবৰ আগ্ৰহ নাই|
তুমি মোক কিছুমান এনেকুৱা বস্তু দেখুৱালা|
যিতো মই আগাতে কেতিয়াও দেখা নাছিলো, মাত্ৰ শুনিছিলো|
কিন্তু তুমি মোক তাৰ সত্যতাৰ প্ৰমান দিলা আৰু মোক বিশ্বাস কৰিবলৈ বাধ্য কৰালা|
তথাপি মই তোমাক কেতিয়াও প্ৰশ্ন নকৰো|
মাত্ৰ কব বিচাৰো মই তোমাক ভলপাও তুলনাহীন, অজস্ৰ, অপাৰ|
আৰু মোৰ কবলগীয়া নাই|

No comments:

Post a Comment