আকৌ এটা অৰ্থহীন সেমেকা দিনৰ অন্ত,
শীতৰ সেমেকা দিনবোৰৰ লগত মোৰ সম্পৰ্ক বহু পুৰণি,
তুমি বেয়া পোৱা শীতৰ এই সেমেকা দিনবোৰ,
কিন্তু ই যে মোৰ বুকুৰ আপোন,
শীতৰ সেমেকা দিন,
শীতৰ সেমেকা ৰাতিবোৰে মোক প্ৰেৰণা দিয়ে,
প্ৰেৰণা দিয়ে মোক জীয়াই থকাৰ,
প্ৰেৰণা দিয়ে মোৰ জীৱন গীত গোৱাৰ,
প্ৰেৰণা দিয়ে মোক তোমাৰ অবিহনে জীৱন কটোৱাৰ,
তুমি হয়তো পাহৰি পেলালা শৈশৱৰ কথাবোৰ,
শীতৰ সেই সেমেকা দিনবোৰৰ সৈতে আমি একেলগে ওমলাৰ কথাবোৰ,
কংক্ৰিতৰ মহানগৰীত তোমাৰ অনুভৱবোৰো কংক্ৰিতৰ দৰেই হৈ গৈছে নেকি বাৰু,
তুমি বহুত আগুৱাই গ’লা,
শীতৰ সেমেকা দিনবোৰৰ স্মৃতি এৰি আহিলা আমাৰ সৰু চহৰখনত,
এতিয়াটো তোমাৰবাবে স্মৃতিবোৰ আমাৰ হৈ থকা নাই,
সেইয়া কেৱল মোৰ হৈ ৰ’ল,
সেই শীতৰ সেমেকা দিনবোৰ..... :)
No comments:
Post a Comment