সৰু চহৰৰ লৰা মই|
এনেকৈ কিয় চাইছা মোলৈ, ম’ই কিবা কোনো ডাঙৰ চহকীৰ নষ্ট ল’ৰা আছিলোনেকি?
প্ৰতিমাহে দেউতাই মোলৈ পঠোৱা ধনৰ পৰিমাণ বাঢ়িছিল, সম্পূৰ্ণ ১০০ টকা|
যিদিনা পাইছিলো নিজকে ৰজাৰ নিচিনা লাগিছিল|
বচ আৰু কি, পইছা আহি পাইছে যেতিয়া গধূলি পৰেশৰ দোকানত চিঙৰা-চাহৰ আদ্দা|
তাৰ পিছত বিহাৰী খুৰাৰ পৰা বাদাম কিনি খোৱা, আৰু জাৰৰ দিনবোৰত গভীৰ নিশালৈ গীত শুনা|
চোৱাচোন কথাবোৰ কিমান দুৰলৈ গুচি গ’ল|
আইতাই মধুৰি কাটি নিমখ লগাই খাব দিছিলে,
আবেলি বাটেৰে ৰসগোল্লাৱালা আহিছিল,
মুৰত এটা বাকচ লৈ|
ব’চ তেতিয়াটো ফেচবুকৰ অৰ্থ আছিলে ফেচ সদায় বুকত সোমাই থোৱা|
তেতিয়াটো না ই-মেইল আছিলে, না জি-মেইল, আৰু মনত যি গৰাকী ফি-মেইল আছিলে তেওৰ লগত কথা পতাৰ একমাত্ৰ উপায় আছিল ডাকোৱালৰ চিঠি|
প্ৰতি ১০-১২ দিনৰ পিছত এখন চিঠি আহিছিল|
বাৰাণ্ডাত মায়ে আম কাটি শুকাব দিছিলে, আচাৰ বনাবলৈ|
গৰমৰ দিনত মোমাইৰ ঘৰৰ পৰা কুহিয়াৰ আহিছিলে,
জাৰত গৰম গৰম বুট ভাজি,
লেপৰ তলত বহি আদা দিয়া চাহ আৰু টিভিত গীতিমালিকা চাইছিলো|
দুৰ্গা পূজা চাব গৈছিলো দেউতাৰ লগত, কোনো ভয় নোহোৱাকৈ|
তেতিয়া উগ্ৰপন্থী আৰু বোমা ফুটাৰ ভয় নাছিলে|
কেতিয়াবা প্ৰথম দেখাৰ ভাল পোৱা, চাহৰ কাপটো দিওতে যদি হাতখন কেনেবাকৈ স্পৰ্শ হৈছিলে তেন্তে গোটেই মাহটো সপোন দেখিছিলো|
ভাল দিন আছিলে সেইবোৰ, জানো কত হেৰাই গ’ল|
No comments:
Post a Comment