Sunday, 10 June 2012

আধৰুৱা স্মৃতি - ২

অকলশৰীয়া মানুহৰ চহৰত অকলশৰে থাকো ম’ই|
কেতিয়াবা নিজৰ পৰাই লুকাইছো, আকৌ কেতিয়াবা নিজকে লগ পাব বিচাৰো ম’ই|
ৰাতি দেৰিকৈ শো, ৰাতিপুৱা দেৰিকৈ উঠো|
কোনোবাই ভাত বনাই দিয়ে, কোনোবাই কাপোৰ ধুই দিয়ে|
ম’ই..... ম’ই মাত্ৰ ৰবটৰ দৰে চলি আছো, জীৱনৰ আলিবাটত, বিমান বন্দৰত হেৰাই যোৱা এটা চুইটকেছৰ দৰে, অকলে, নীৰৱে, লক্ষ্যহীনভাৱে।
কেতিয়াবা কেতিয়াবা বহুত ধুনীয়া লাগে এই নিসংগতা, আৰু কেতিয়াবা মোক হত্যা কৰিব বিচৰা শত্ৰুৰ তেজাল চকুৰ দৰে|
আজি বহি আছো খিৰিকীৰ সন্মুখত, আদা দিয়া চাহৰ পিয়লাটো লৈ|
কিমান বছৰ যে হ’ল নিজৰ লগত এনেকৈ বহি পোৱা নাই|
কিমান দিনৰ পিছত যে মোৰ বন্ধু এই চহৰখনৰ শব্দবোৰ শুনিছো|
আলিবাটতিৰে অহৰহ চলি থকা তীব্ৰ বেগী গাড়ীবোৰ, নাজানো কিমান দিন যে হৈ গ’ল মোৰ দৰে এলেহুৱাবোৰে ৰাতিপুৱাৰ শান্ত চহৰখন যে দেখাই নাই|
আগতে মোৰ ৰাতিপুৱাবোৰ এটা বেলেগ শব্দৰে আৰম্ভ হৈছিল, সেই যে আকাশবাণীৰ ৰাতিপুৱা আৰম্ভণিৰ ধুনটো|
আজি আকৌ সেই ধুনটি শুনিছো|
নাজানো কি মন গ’ল আজি অ’ফিচৰ পৰা ছুটি লৈ ললো|
দেউতাই পুৰণি চামৰাৰ বেগটো আৰু চেণ্ডেলজোৰ পিন্ধি সদায় অ’ফিচ গৈছিল|
ম’ই ভাবিছিলো যেতিয়া চাকৰি পাম, দৰমহা পাম তেতিয়া দেউতাক এটা ভাল বেগ উপহাৰ দিম|
এতিয়া চাকৰি কৰো, মোটা-মোটি ভাল দৰমহা পাও, কিন্তু কিমান দিন যে হ’ল ঘৰলৈয়ে যাব পৰা নাই|
এতিয়া ফোনত কথা পাতো, মায়ে এচ.এম.এচ. কৰিবও শিকি লৈছে|
কেতিয়াবা কেতিয়াবা অফিচত বহি থাকোতে মুখেৰে হাহি ওলাই আহে, মায়ে এচ.এম.এচ. কৰে "হাও আৰ ইউ?"
এই দেশখন সচাকৈ সলনি হ’ব লৈছে বন্ধুসকল|
মাৰ এচ.এম.এচ., সেয়াও ইংৰাজীত|
এটা সময় আছিলে না ফোন আছিলে, না এচ.এম.এচ.|
ডাক্তৰৰ ক্লিনিকৰ দৰে ২ মিনিট কথা পাতিবলৈ পি.চি.ওৰ সন্মুখত শাৰী পাতিব লাগিছিলে, এটা সময় আছিলে যেতিয়া ইনলেণ্ড পত্ৰত চিঠি লিখিব লাগিছিলে|
তেতিয়া যেতিয়া সকলোৱে একেলগে বহি খোৱা হৈছিলে, গধূলি যেতিয়া ঘৰৰ শিশুবোৰে আইতাকৰ ভৰি পিতিকি দিছিলে আৰু তাৰ বিনিময়ত বুড়ী আইৰ সাধু শুনিছিলে|
প্ৰায়ে ভাবো ময়ে অকলে ইমান সলনি হৈছো নে গোটেই পৃথিৱীখনেই সলনি হৈছে|

No comments:

Post a Comment