সৰু চহৰৰ লৰা মই, বচ এইয়াই মোৰ কাহিনী|
অকণমান দুখ, অকণমান সুখ|
বচ মই অকণমান পুৰণি চিন্তাধাৰাৰ মানুহ|
অকণমান ৰক্ষণশীল, দুৰদৰ্শন আকশবাণীৰ দিনৰ মানুহ|
পোৱাৰ আশা কৰো, হেৰুৱাবলৈ ভয় কৰো, সপোন দেখো|
প্ৰতিদিনেই ৰাতিপুৱা শুই উঠাৰ পিছত জীৱনটো সেই আগৰ দৰেই এক অবুজ সাথৰ যেন লাগে|
সদায় ৰাতিপুৱা এটি নতুন সমস্যাই মোৰ দুৱাৰ দলিত থিয় দিয়েহি|
সদায় এটি নতুন সাথৰৰ উত্তৰ বিচাৰি খোজ পেলাও|
মইতো আন কোনো নহয়, বচ আপোনালোকৰ দৰেই মই|
আপোনালোকৰ ভাষাতে কথা কও, আপোনালোকৰ ওচৰ চুবুৰীয়াতে থাকো|
আপোনালোকৰ চুবুৰীৰ সৰু আলিবাটতিৰেই অহা-যোৱা কৰো|
মোৰ দৃষ্টিৰে এবাৰ চাওকচোন, আপোনালোকৰ জীৱনেই জীয়াই আছো মই|
বচ সৰু চহৰৰ লৰা মই, আৰু এইয়াই মোৰ কাহিনী|
No comments:
Post a Comment