Thursday, 21 March 2013

আধৰুৱা স্মৃতি - ৫

কলেজ কেণ্টিনৰ মেজখন ইমানকৈ লৰিছিলে|
তাতে আকৌ সেইখনৰ ওপৰত ৰছিদহতৰ যিহে তবলা বাদন|
আলী খুৰাই কৈ কৈ ভাগৰি পৰিল|
তথাপি সিহতৰ তবলা বাদন বন্ধ কৰিব নোৱাৰিলে|
মোৰ সদায় ভয় লাগিছিল তোমাৰ কাপোৰত চাহ পৰি যাব বুলি|
আদা দিয়া চাহ তাইও ভাল পাইছিল, ময়ো ভাল পাইছিলো|
মোৰ কবিতাবোৰো ভাল পাইছিল তাই|
তাই মোক কৈছিল, তুমি বহুত অহংকাৰী|
তাৰ পিছত আকৌ খিলখিলাই হাঁহিছিল|
জাৰৰ কুৱঁলিৰ দিনবোৰত তাইৰ হাঁহিবোৰ আৰু বেছি ধুনীয়া লাগিছিল|
শ্ৰেণী কোঠাত সদায় মোৰ কাষতে বহিছিলে|
মই মানা কৰিছিলো, তথাপি বহিছিল|
পুথিভঁৰাললৈও সদায় মোৰ লগতহে গৈছিল|
বুৰঞ্জীটো তাইৰ সকলোতকৈ বেছি পছন্দৰ বিষয় আছিলে|
ল’ৰাবোৰে তাইক নিজৰফালে আকৰ্ষিত কৰিবলৈ চিগাৰেটৰ ধোৱাৰ চকৰি বনাই উৰুৱাইছিল|
সদায় কলেজ ছুটিৰ পিছত তাইক চাবলৈ ভিৰ কৰিছিলহি কলেজ গেটৰ বাহিৰত|
তাই মোক সুধিছিল, ল’ৰাবোৰে ইমান চিগাৰেট কিয় খায়|
মই কওঁ সিহতৰ আৰু কেন্সাৰৰ মাজত হেঙাৰ হ’বলৈ মইনো কোন|
তাইৰ মনত কি আছে চেষ্টা কৰিও জানিব নোৱাৰিছিলো|
কিন্তু মোৰ মনত কি আছে তাই সদায় কব পাৰিছিল, জানো কেনেকৈ?
মই তাইক কওঁ, কেতিয়াবা দীপাৱলীত দুয়োজনে একেলগে চাকি জ্বলাম|
আৰু কওঁ কেতিয়াবা তোমাক মোৰ লগত হয়গ্ৰীৱলৈ লৈ যাম|
তাই কয় তাত থকা সৰু মন্দিৰটোত মনে মনে বিয়া হম আমি|
মই কওঁ তুমি জানানে মোৰ মায়ে তোমাক নিজৰ বোৱাৰী ৰূপে পায় কিমান আনন্দ পাব?
তোমাক কপালত সেই ৰঙা ফোটতিৰে বহুত সুন্দৰ লাগিব|
মায়েও বহুত ভাল পাব|
কলেজবোৰত ২০-২৫ বছৰ দিঘলীয়া পাঠ্যক্ৰম কিয় নাথাকে বাৰু?
দুয়ো একেলগে নামভৰ্তি কৰাই লব পাৰিলো হেতেন|

No comments:

Post a Comment