Thursday, 21 March 2013

আধৰুৱা স্মৃতি - ৪

মই খং বহুত কৰিছিলো|
মইতো কৈ দিছিলো, তোমাৰ চকুৱে কথা বহুত কয়|
তাই কয়, বেছি নকৰিবা; যিদিনা মোৰ খং উঠিব, তোমাক নামাতিম, সেইদিনা জানিবা|
ভালপোৱাৰ দিন আছিল সেইবোৰ, ভালপোৱাৰ দুপৰীয়া, ভালপোৱাৰ বৰষুণ, ভালপোৱাৰ জাৰ|
বন্ধুসকল কেতিয়াবা এনেকুৱা লাগে যে জাৰৰ দিনবোৰ কেৱল প্ৰেমিকসকলৰ বাবেই|
তাই ওৰণিৰ তলৰ পৰা কাজল লোৱা চকুজুৰিৰে মোৰ ফালে একেৰাহে চায়|
জাৰত কপি থকা আঙুলিৰে গৰম চাহৰ পিয়লাটো আৰু জোৰেৰে ধৰে|
জাৰৰ প্ৰতিজাক বতাহেই তাইক আৰু বেছিকৈ কপায় থৈ যায়|
জাৰত কঁপি থকা ওঁঠ জুৰিৰে গৰম গৰম ধোৱা উলিয়াই|
পুৰনি খীৰিকি খনৰ ওচৰত থিয় হৈ দেৰিলৈকে মই অহালৈ বাট চায়|
ম’নালিছাতকৈ কম নাছিল তাইৰ হাহিটি|
হাঁহি তামচাৰ দিনবোৰ পাৰ হৈ গৈছিল এতিয়া|
তেতিয়া আমি কাঁজিয়া নকৰিছিলো|
বন্ধুসকলৰ লগত বহি মেজৰ তলেৰে ইটোৱে সিটোৰ ভৰিৰ আঙুলি নুচুইছিলো|
ইজনে সিজনক ফেঁচা বা ফেঁচি বুলি কৈ ঢকিয়াই নিদিছিলো|
ত‍ত্‍ক্ষণাত এনেকুৱা লাগিব ধৰিছিলে যেন আমি ডাঙৰ হৈছো|
মই হঠাতে তাইৰ লাজুকী হাতৰ পৰশ অনুভৱ কৰিব লৈছিলো|
হঠাতে অনুভৱ কৰিব লৈছিলো সংগোপনে আমাৰ ঘৰৰ দুৱাৰেৰে ভিতৰলৈ পেলোৱা ভৰিৰ খোজ বোৰে কাৰ ঠিকনা বিচাৰিছে|
মই হঠাতে তাইৰ কথকু চকুজুৰিৰ সুমধুৰ মৌনতাবোৰ পঢ়িব পৰা হৈছিলো|
অৱশ্যে তাৰ প্ৰয়োজনো আছিল, কাৰণ তাই যে কেতিয়াও নিজে একো নকৈছিলেই|
দিনবোৰ পাৰ হবলৈ ললে আৰু ভালপোৱাৰ বাট দিঘলীয়া আৰু লগতে কিছুমান অহেতুক যেন লগা চিন্তাও|
এনেকৈয়ে দুটি মন লগ পাবলৈ ধৰিলে|
কেতিয়াবা মিঠাইৰ দোকানত, কেতিয়াবা নৈৰ পাৰত, কেতিয়াবা কলেজৰ পৰা উভতি অহাৰ বাটত, আৰু কেতিয়াবা চিনেমা হ’লৰ বেলক’নিৰ চিটত|
এদিন চিনেমাৰ মাজতে মোৰ কান্ধত মুৰ থৈ কলে আকৌ এজন লৰাৰ খবৰ আহিছে|
বিৰতিৰ সময়ত মই কলো, কাম নাইকিয়া কথা মনলৈ আহিছে|
তাই কলে তোমাৰ মুৰত সদায় কাম নাইকিয়া কথাই আহে|
মই কলো বলা কোনোৱে নজনাকৈ বিয়া পাতি লও|
তাই কলে তোমাৰ এই কথাটো আজিলৈকে কোৱা সকলোতকৈ কাম নাইকিয়া কথা|
তাৰ পিছত আকৌ কলে ষ্টেচন যোৱা শেষৰ বাছখন ৫ বজাত যায় আৰু তাৰ পৰা চহৰলৈ যোৱা নৈখ ৰেলখন ৭.৩০ বজাত|
গোতেই চিনেমাখনো চাব নিদিলে তাই|

No comments:

Post a Comment