এদিন ৰাতিপুৱা সাৰ পাই উঠি দেখিলো,
আন্ধাৰৰ কুঁৱলিবোৰ ফালি,
পৰ্বতৰ শিখৰত যেতিয়া বেলি ওলাইছিল,
মনৰ পথাৰত ভাঁলপোৱাৰ পলস পৰিছে,
স্মৃতিৰ জোলোঙাখন সীমাহীন স্মৃতিৰ সুগন্ধি ফুলৰ সুবাসেৰে পৰিপূৰ্ণ,
কিছুমান ক’বলৈ ৰৈ যোৱা,
কিছুমান শুনিবলৈ ৰৈ যোৱা কথা,
অকণমান শুই থকা,
অকণমান উজাগৰে থকা চকুযুৰি মেলি দেখো,
সাগৰৰ ঢৌত মিলি যোৱা নৈ খনৰ দৰেই জীৱনটো,
যিটো জীৱনত মৰমো আছে, দুখো আছে,
কিছু আশা আছে, কিছু নিৰাশাও,
য’ত মিলনৰ আনন্দও আছে আৰু বিদায়ক্ষণৰ দুখো,
সময়বোৰ পাৰ হৈ গৈ আছে বোৱতী নৈৰ দৰে,
আৰু লগতে বাৰে বাৰে কৈ আছে মনৰ পথাৰত পলস পৰিছে,
আৰু স্মৃতিৰ জোলোঙাখন সীমাহীন পাৰহৈ অহা দিনৰ স্মৃতিৰ সুবাসেৰে পৰিপূৰ্ণ হ’ব ধৰিছে.....
No comments:
Post a Comment