স্মৃতিৰ জোলোঙাত জানো কি কি আছে?
জানো জোলাঙাখন সৰু ফঁটা-ছিতা|
তথাপি বহুত মৰমৰ, বহুত আদৰৰ|
গোটেই জীৱনৰ সাৰাংশখিনি যেন তাত সযতনে সাচি ৰখা হৈছে|
লৰালিৰ জাৰৰ আলসুৱা দিনবোৰ|
গৰমৰ দিনত দেউতাৰ স্কুটাৰখন লৈ ৰাতি দুপৰলৈ ঘুৰি ফুৰা দিনবোৰ|
বৰষুণত তিতি তিতি স্কুলৰ পৰা অহা দিনবোৰ|
সৰু সৰু কিমান যে সুমধুৰ স্মৃতি|
মেচত সদায় মাছ-মাংসৰ আয়োজন|
কিন্তু মায়ে ৰান্ধি দিয়া পোৰা আলু পিটিকা ভাত মুঠিৰ সমান যে একোৱে নহয়|
ওচৰ চুবুৰীয়াৰ বাৰীৰ পৰা আম চুৰি কৰা দিনবোৰ|
আইতাৰ কোলাত মুৰ থৈ সাধু শুনা দিনবোৰ|
ক্ৰিকেট খেলি পুলিচ খুৰাৰ ঘৰৰ খিৰিকীৰ আইনা ভগা দিনবোৰ|
আকৌ জানো উভতি আহিব সেইদিনবোৰ|
সেই সুমধুৰ সোণোৱালী হাঁহি-ধেমাঁলিৰ দিনবোৰ|
আছে জানো স্মৃতিৰ ফঁটা-ছিতা জোলোঙাখনত সেইদিনবোৰ?
No comments:
Post a Comment