মই তোমাক ভাল পাও|
কিমান সেইতো মই নিজেও নেজানো, আৰু মই কেতিয়াও জুখিবলৈও
চেষ্টা কৰা নাই|
মাত্ৰ এইতো জানো যে মোৰ জিবনত তোমাৰ প্ৰয়োজন আছে|
তুমি
হয়তো নেজানা মই কেতিয়াৰ পৰা তোমাক ভাল পাও, যেতিয়া তুমি স্কুলত পঢ়ি আছিলা
তেতিয়াৰ পৰা|
তোমাৰ নিজৰে হয়তো মনত নাই, তুমি প্ৰথম যেতিয়া চাদৰ-মেখেলা
পিন্ধি স্কুললৈ গৈছিলা তোমাক কেনেকুৱা লাগিছিলে|
কিন্তু মোৰ তোমাৰ সেইদিনাৰ
ছবিখন সম্পুৰ্ণ স্পস্তকৈ মনত আছে, যেন কোনোবা সৰগৰ পৰী আৰু সেয়াই চাগে মোৰ
অবুজ ভালপোৱাৰ আৰম্ভনি|
তেতিয়া ভালপোৱা কি মই জনা নাছিলো|
মাত্ৰ এইতো
জানিছিলো যে এজনী ছোৱালী আছে যিজনিক দেখাৰ লগে লগে এনেকুৱা অনুভব হৈছিল যেন
বিশাল মৰুভুমিৰ মাজত এখনি পানিৰে ওপচি থকা নৈ, যেন পূৰ্ণিমাৰ আকাশৰ উজ্বল
শীতল জোনটি, আৰু যে কিমান ভাল লগা অনুভব হৈছিল মই ভাষাৰে বুজাব নোৱাৰো|
তাৰ
পিছৰ সময়বোৰ কেনেকৈ পাৰ হৈ গল মই গমেই নেপালো|
তুমি যিদিনা স্কুললৈ
নগৈছিলা, সেইদিনা তোমালৈ বাত চায় থকা, প্ৰাৰ্থনাৰ সময়ত সকলোৰেপৰা চকু বচায়
তোমালৈ চোৱা, স্কুল ছুতিৰ পিছত তোমাৰ পিছে পিছে আহিবলৈ জোৰেৰে চাইকেল
চলাওতে চাইকেলৰ পৰা পৰা, তুমিতো সেইবোৰ নেজানা|
কিমান যে গুনা-গথা কৰিছিলো
ৰাতি ৰাতি উজাগৰে থাকি|
এতিয়া ভাবিলে বহুত দুখ লাগে, কষ্ট হয়, কব
নোৱাৰাকৈয়ে চকুলো বৈ আহে|
এনেকৈ হাহি-কান্দোন, দুখ-কষ্ট, তোমাৰ লগত যড়িত
কিছুমান মধুৰ স্মৃতিৰ সহায়ত সময়বোৰ পাৰ হৈ যাব|
প্ৰতি পল, প্ৰতি মুহুৰ্ত,
প্ৰতি দিন তুমি মোৰ মনত আছা, মোৰ মগজুত, মোৰ আত্মাত আছা, সদায়ে থাকিবা|
সকলো সময়তে মই তোমাক মনত ৰাখিছো, তোমাক পূজা কৰিছো, তোমাক ভগৱানতকৈও বেছি
ভাল পাইছো|
মই ভয় কৰো তোমাক হেৰুৱাবলৈ, তোমাৰ পৰা আতৰি থাকিবলৈ, যদি তুমি
মোৰ নোহোৱা সেইতো কথালৈ|
মই সচাকৈয়ে তোমাৰ পৰা আতৰি থাকিব নোৱাৰো|
মই এইতো
নকও যে তুমি নহলে মই মৰি থাকিম, কিন্তু জীয়াইতো থাকিব নোৱাৰিম|
মাত্ৰ এটা
ছাবি দিয়া পুতলা হৈ পৰিম|
মোৰ আবেগ, অনুভুতি সকলো পুৰি ছাই হৈ যাব|
তথাপি
তুমি যি বিচাৰিছা সেয়াই হব|
মাত্ৰ যোৱাৰ আগত এবাৰ মই তোমাক চাব বিচাৰো,
অকণমান সময় তোমাৰ লগত কটাব বিচাৰো|
এই স্মৃতি খিনিৰ লগতে মই ওৰেতো জিবন
কটাই দিম, আৰু কেতিয়াও তোমাক আমনি নকৰো, কেতিয়াও তোমাৰ সন্মুখত দেখা নিদিও|
তুমি দিবানে বাৰু মোক তোমাৰ অমূল্য জিবনৰ কেইটামান মূল্যৱান মুহুৰ্ত?