Tuesday, 28 March 2017

মৰহি যোৱা প্ৰেম

নিদিও মৰহিব জীৱ্ন ফুলটি,
ৰাখিম সযতনে জীৱন থাকে মানে,
দুধাৰি চকুলোৰে জীপাল কৰিম,
আজন্ম হৈ থাকিব সেউজীয়া মন ফুলনি,
তাতেই উমলিব প্ৰেমৰ পখীটি,
উবুৰিয়াই দিম সাচতীয়া প্ৰেমৰ হৃদয় জোলোঙাখনি.....

এধানি আশা মাথো জীয়াই থকাৰ,
এটি সপোন মাথো জীৱন পোৱাৰ,
এপাহ ফুল মাথো মৰম দিয়াৰ,
এসোতা তেজ মাথো জীপাল কৰা,
আৰু.....
আৰু এগছি চাকি মাথো তোমাৰ মৰমৰ,
আৰু এটি ভগ্ন হৃদয়,
আৰু কেইটামান টুকুৰা সেই ভগ্ন হৃদয়ৰ,
ৰৈ আছোহি মাথো তোমাৰ অপেক্ষাত,
তোমাৰ লগত জীৱন পোৱাৰ মাথো এটি আশাত.....

গোলাপ

গোলাপ যে নহয় মাথো এটি ফুল,
হৃদয়ৰ তেজেৰে লুতুৰি-পুতুৰি,
টুকুৰা এটি মোৰ ভগ্ন হৃদয়ৰ,
ৰাখিবা সযতনে তোমাৰ মন ফুলনিত,
ফুলিব দিয়া আকৌ নতুন কলিটি,
মৰহি যাব নিদিবা প্ৰেমৰ পাহি বোৰ,
জীপাল কৰি তোলা প্ৰেমৰ শিপাবোৰ,
তোমাৰ হৃদয়ৰ এধানি মৰমেৰে.....

বৃষ্টি

মোৰ প্ৰেমত তোমাৰ মৰমৰ বৃষ্টি,
বৃষ্টিয়ে দি যায় মোৰ বুকুৰ শুকান মৰুত এধানি আশা,
জীপাল কৰে মোৰ হৃদয় বৃক্ষৰ শিপাবোৰ,
উপচাই মৰমৰ নৈখনি,
বোৱাই আনে তোমাৰ মৰমৰ দৰিকনা,
মোৰ বুকুৰ যৌৱন ঘাটলৈ,
ধুৱাই নিয়ে মোৰ অতৃপ্ত হৃদয়,
উবুৰিয়াই পেলাই মোক তোমাৰ মৰমৰ বৃষ্টিত,
ভালপাওঁ মোৰ মন পদূলিত তোমাৰ মৰমৰ বৃষ্টি,
সেয়ে যে প্ৰিয় বৃষ্টি মোৰ,
সেয়েহে বৃষ্টি তুমি মোৰ.....

আধৰুৱা স্মৃতি - ১৬

তুমি কথা নকলেও দুখ নকৰো|
মোক নামাতিলেও বেয়া নাপাও|
সেই অধিকাৰ মোৰ কাহানিও নাছিল আৰু নাই|
তোমাক অন্ধকাৰৰ পাতালৰ পৰা তুলি আনিব নোৱাৰাৰ ব্যৰ্থতাই মোক হতাশ কৰিছে|
তথাপি মনে বিচাৰে তোমাৰ মুখৰ অকণ হাঁহি|
তোমাৰ নিৰ্বাক নিস্তেজ উদাসীনতাই বৰ কষ্ট দিয়ে|
তাছপাতৰ ঘৰৰ দৰে ছিগি যাবলৈ নিদিবা আমাৰ জীৱনৰ এই বান্ধোন|
মোৰ প্ৰতি যদি বিৰাগ জন্মে ম’ই তোমাৰ পৰা নিজেই আতৰি আহিম|
অকণো দুখ নাপাও যদি তুমি তাতেই সুখী হোৱা|
কিয় যে লগ পালো তোমাক|
মোৰ সৈতে মিল আছিল|
সুখতো ম’ই, দুখতো ম’ই|
তোমাক লগ নাপালেই ভাল আছিল|
তোমাৰ বাবে একো কৰিব নোৱাৰিলো|
কেৱল তোমাৰ চকুপানী দেখি নিৰলে কান্দিব পাৰো|
দহি দহি নিজক সুধিব পাৰো কিয় ম’ই তোমাক পোহৰ দিব নোৱাৰিলো|

আধৰুৱা স্মৃতি - ১৫

বহুত ভাবিলো-গুণিলো যোৱা কেইদিনমান ধৰি|
আজি মই মনে মনে উপলব্ধি কৰিলো মই তোমাৰ বাবে কি?
ইমান সহজভাৱে তুমি বুজাই দিয়াৰ পিছতো ম’ই মূৰ্খই একো নুবুজিলো|
তুমি তোমাৰ ব্যৱহাৰেৰে বুজাই দিয়াৰ পিছতো ম’ই তোমাৰ পিছে পিছে দৌৰি থাকিলো|
বহুত ভুল হ’ল, বহুত দেৰি হ’ল|
ইমানদিনে তোমাৰ প্ৰতি কৰি অহা এনে আচৰণে ইমান দুখ দিছে যে বুকু ভাগি গৈছে|
আজিয়েই কান্দি লও, আৰু কোনোদিনে কাৰো বাবে নাকান্দো|
তুমি সদায় একেটা কথাতে লাগি থাকিলা|
তুমি কোনো কথাৰ মীমাংসা নিবিচাৰা|
কোনোদিন নকম বুলি ভাবিছিলো যি কম|
আজি একোকে ভয় নকৰো|
তোমাৰ পৰা পদে পদে ঘৃণাৰ বাহিৰে একো নাপালো|
বৰ বেছি তুমি নামাতিবা|
এনেয়েও তুমি সেইটোকে বিচাৰা|
ম’ই তোমাৰ দৰে টেলেণ্টেড নহব পাৰো, কিন্তু বুৰ্বক নহয়|
ফৰ্মেলিটীৰ কথা কবলৈ তোমাৰ অকণো দুখ নালাগিল নে?
কিদৰে তুমি ইমান নিষ্ঠুৰ হব পাৰিলা?
যি কৰিলা আৰু কেতিয়াও আন কাৰোৰে সৈতে নকৰিবা|
মোক বেয়া পাও বুলি কবলৈ তোমাৰ সত্‍ সাহস নহল|
ম’ই তোমাৰ দৰে ফাকি দিব নোৱাৰিলো|
তুমি নুবুজিলা তোমাৰ বাবে কোনোবাই কষ্ট পাই থাকে|
নাজানা তুমি তোমাৰ বাবে কোনোবাই কঢ়িয়াই লৈ ফুৰে বেদনাৰ বোজা|
ফৰ্মেলিটীৰ কথা কৈ আনৰ সৈতে মোক তুলনা কৰিবলৈ তোমাৰ অকণো বেয়া নালাগিল নে?
আজি আৰু কোনো দুখ নাই|
যি মোৰ নহয়, যাক নাপাও, যাক পাবলৈ ক্ষমতা নাই, তাৰ বাবে মিছাকৈয়ে হিয়া ধাকুৰি মৰিলো|
তোমাৰ বাবে ম’ই আনক মিছা কও|
তোমাৰ বাবে ম’ই নিজক ফাকি দিও|
তোমাৰ বাবে ম’ই ম’ই হৈ নাথাকিলো|
কি দৰকাৰ আছিল ইমান ভালপোৱা দেখুৱাবলৈ?
সকলো আজি মিছা হৈ গ’ল|
ধৰিব নোৱাৰিলো তোমাৰ মিছা ভালপোৱা|
দিনটোৰ ভিতৰতে কিমান যে সলনি হয় তোমাৰ স্থিতি|
একোবাৰ ভাবো তোমাৰ দৰে মোক কোনেও ইমান বেছি ভাল পাব নোৱাৰে|
আকৌ পিছ মুহুৰ্তত ভাৱ হয় ম’ই তোমাৰ বাবে কিমান বিৰক্তিকৰ|
আজিয়েই হেপাহ পলুৱাই কৈ লম মনৰ সকলো বিষাদ|
কথা দিছো তোমাক আৰু কোনোদিন আমনি নকৰো|
আগতে তোমাৰ ওপৰত অভিমান কৰি আৱেগৰ বশৱৰ্তী হৈ কৈছিলো|
আজি সুস্থিৰ মগজুৰে কৈছো ম’ই তোমাৰ পৰা গুছি আহিলো|
ম’ই তোমাৰ কথা ৰাখিব নোৱাৰিলো|
ম’ই তোমাৰ পৰা গুছি অহা নাই|
তুমি জোৰকৈ গুছি আহিবলৈ বাধ্য কৰালা|
ভালেই কৰিলা|
মোৰ দৰে আৱৰ্জনাবোৰে তোমাৰ জীৱন লেতেৰাহে কৰিব|
তুমি চাগে মোক উপহাস কৰিবা ম’ই নহলে তোমাৰ একো নহয়|
ম’ইনো কোন কূটা?
শেষ হৈ যায় যদি কৰোবাৰ লগত থকা ইণ্টিমেন্সী, হৈ পৰে সেয়া ফৰ্মেলিটী|
আৰু তোমাৰ ফৰ্মেলিটী মোক নালাগে|
তাতকৈ ফিৰ চে হম আজনবী বনজায়ে ত’ অত্চা হে|

আধৰুৱা স্মৃতি - ১৪

সৰু চহৰ খনলৈ বহুত মনত পৰিছে আজি।
মোৰ মৰমৰ সৰু চহৰখন|
বিশাল কংক্ৰিতৰ চহৰৰ ব্যস্ততাই পাহৰাই পেলাইছিল|
মোৰ মৰমৰ সৰু চহৰখনৰ জাৰৰ সুগন্ধি দিনবোৰৰ কথা|
এতিয়া চাগে সকলো ধান কঁটা আৰু মৰণা মৰাত ব্যস্ত|
বালি পথাৰৰখন চাগে সৰিয়ঁহ ফুলৰ সুগন্ধিৰে ভৰি পৰিছে|
এই সময়ত যে গোটেই বালি পথাৰখন হালধীয়া হৈ পৰে|
কিমান দিন যে হ’ল বালি পথাৰখন দেখা নাই|
বালি পথাৰৰ সেই সুমধুৰ মনোমোহা দৃশ্য উপভোগ কৰিব পৰা নাই|
আজি বহুদিনৰ পিছত আকৌ নিজৰ লগত বহিছো, হাতত আদা দিয়া চাহৰ পিয়লাটোলৈ|
আমি সকলোৱে গোটেই জীৱনটো কেৱল পোৱা নোপোৱাকলৈয়ে ব্যস্ত।
মইও তাৰ ব্যতিক্ৰম নহয়|
আজি ভাবিছো মোৰ মনে বিচৰা সকলো পাইও আজি মই সুখী জানো মা!!! তুমি যেতিয়া মোৰ ওচৰত নাই|
সেই যে দেউতাক এটা নতুন বেগ আৰু এযোৰ নতুন চেণ্ডেল দিম বুলি ভাবিছিলো, আজিলৈ দিয়া নহ’ল|
যন্ত্ৰবোৰৰ মাজত বাস কৰি কৰি আমিও যন্ত্ৰ হৈ পৰিছো আৰু মই চাগে অকণমান বেছি|
সম্পৰ্ক ৰক্ষা কৰিব চাগে মই একেবাৰেই নাজানিছিলো|
তুমি আৰু মই কেতিয়াও একেলগে থাকিব নোৱাৰো আৰু চাগে আতৰিও থাকিব নোৱাৰো|
কিছুদিন আগত এখন বিয়াত তোমাক আকৌ দেখিছিলো|
আগৰ দৰেই সুন্দৰ আৰু সেই হাঁহি থকা চকুজুৰিয়ে কথা কৈছিল|
এনেকুৱা লাগিছিল যেন আমি আকৌ কলেজৰ দিনবোৰলৈ উভতি গৈছো|
তেওঁও মোক দেখিলে, তাৰ লগে লগে মই চুলিখিনি থিক কৰিলো|
তেওঁ আগৰ দৰেই খিলখিলাই হাঁহিব ধৰিছিল|
সেই দিনা আমি বহু ৰাতিলৈ ৰেষ্টুৰেণ্টত বহি কথা পাতিছিলো|
পুৰণি বন্ধুৰদৰে অতীতৰ বহু কথা পাতিলো|
চাৰি ঘণ্টা সময় খুব হাঁহিলো দুয়োয়ে|
তাৰ পিছত মনত সাহস গোটাই শেষত মই সুধিলো "বিয়া হলানে?"
তেওঁ কলে "নাই", তোমাৰ দৰে আন কোনো ফেচা বিচাৰিয়ে নাপালো|
ৰেষ্টুৰেণ্টখন বন্ধ হবৰ সময় হ’ল|
আমি তাৰ পৰা ওলাই ফুটপাথেৰে খোজ ললো, বহুত সময়|
তেওঁৰ চাদঁৰৰ আচলটো বাৰে বাৰে উৰি আহি মোৰ মুখখনি ঢাকি ধৰিছিল|
তেওঁ হঠাতে মই লিখা পুৰণি কবিতা এটি গুণগুণাব লৈছিল|
মই আচৰিত হৈ কলো, তোমাৰ এইটো এতিয়াও মনত আছে|
তেওঁ কলে, মোৰ সকলো মনত আছে|
মোৰ হাতৰ আঙুলিবোৰে তেওঁৰ হাঁতৰ আঙুলি স্পৰ্শ কৰিছিল, তেওঁ একো নকলে|
বহুত সময় নীৰৱে থকাৰ পিছত মই কলো, এটা অৰ্থহীন কথা মনলৈ আহিছে|
তেওঁ কলে তোমাৰ সকলো কথাই অৰ্থহীন|
মই কলো, বলা মনে মনে বিয়া পাতি লও|
তেওঁ কলে, তোমাৰ এইটো আজিলৈকে কোৱা সকলোতকৈ বেছি অৰ্থহীন কথা|
কিছু সময় নীৰৱে থাকিল, তাৰ পিছত আকৌ কলে ভালপোঁৱা আৰু বিবাহৰ মাজত পাৰ্থক্য আছে|

শেতা পৰা মোৰ দুহাত

শেতা পৰা মোৰ দুহাতত এটা
পুৰণি সপোনৰ ছা,
চেচা পৰি যোৱা মোৰ তেজত এটা
শোকৰ সাগৰ,
সেই সাগৰৰ পাৰত নিৰ্জন ৰাতিৰ
ঘিটমিটীয়া আন্ধাৰ,
সেই ঘিটমিটীয়া আন্ধাৰৰ মাজতো এটা
প্ৰেমৰ বাট,
অকনমান প্ৰেম বিচাৰি অতবোৰ হুমুনিয়াহ
অতবোৰ হাহাকাৰ,
ঘিটমিটীয়া আন্ধাৰৰ গভীৰতাত অৰ্থহীন
মোৰ বৰ্তমান,
শেতা পৰা মোৰ দুহাতত এটা
পুৰণি সপোনৰ ছা,
সেই সপোনৰ ছাত দুটোপাল চকুলো তুমি
পেলাই যোৱা,
মোক ধৰুৱা কৰি থৈ যোৱা তোমাৰ
ভালপোৱাৰে||

আধৰুৱা স্মৃতি - ১৩

১৯৯৩ চন|
তাৰিখ ঠিক মনত নাই|
কিন্তু সেইদিনা দেওবাৰ আছিল আৰু গৰমৰ দিন|
মোৰ বয়স ৫ বছৰ, প্ৰাথমিক বিদ্যালয়লৈ যাবলৈ আৰম্ভ কৰিছিলো মাত্ৰ|
গোটেই দিনটো আনন্দৰে ভৰি আছিল|
এনেও দেওবাৰ বুলিলেতো আমৰ গা সাতখন-আঠখন লাগিছিলেই|
কিন্তু সেইদিনটো বিশেষ আছিল|
কাৰণ সেইদিনা পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিছিলে আৰু মোৰ পূজনীয় বৰদেউতা স্বৰ্গীয় ৰমাকান্ত কাকতি সভাপতি পদত জয়ী হৈছিলে|

ইয়াৰ আগতে তেওৰ বিষয়ে আপোনালোকক কিছু কথা কৈ লও বাৰু|
তেও এজন চিকি‌‌ৎসক আৰু সমাজসেৱক আছিল|
সেই সময়ত যিহেতু চিকি‌‌ৎসকৰ সংখ্যা নিচেই তাকৰ আছিলে সেইবাবে আমৰ গাওঁ আৰু ওচৰৰ ১০-১৫ খন গাৱতো খুবেই জনাজাত আছিল|
সৰু বোৰে ডাক্তৰ বৰদেউতা আৰু তেওৰ সমনীয়া আৰু জ্যেষ্ঠবোৰে কেৱল ডাক্তৰ বুলি মাতিছিলে|
মা’হতে কৈছিলে তেও হেনো ঢাকাত গৈছিল ডাক্তৰী পঢ়িবলৈ|
সেই সময়ত বাংলাদেশৰ জন্ম হোৱা নাছিল|
চাকৰি জীৱনৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁ সক্ৰিয় ৰাজনীতিত যোগদান কৰিছিল|
তেওঁৰ বিষয়ে ম’ই ইয়াতকৈ বেছি জনাৰ সুবিধা নেপালো|

বাৰু যিয়েই নহওক|
আপোনালোকক ওপৰত কৈছোৱেই যে তেওঁ ১৯৯৩ চনৰ পঞ্চায়ত নিৰ্বাচনত সভাপতি পদত জয়ী হৈছিলে|
সেই সময়ত মোৰ পঞ্চায়ত, নিৰ্বাচন ইত্যাদি সম্পৰ্কে কোনো ধাৰণা নাছিল|
তথাপি আনন্দ লাগিছিল|
অসংখ্য মানুহেৰে ঘৰ ভৰি পৰিছিল|
এনেকৈ দিনটো ব্যস্ততাৰে ভৰি পৰিছিল|
বহু ৰাতিলৈ মানুহে বৰদেউতাক শুভেচ্ছা জনাব আহি আছিল|
ৰাতি ১১ মান বজাত ভাত খাই উঠি সকলোৱে শুবৰ বাবে সাজু হৈছিল|
ঠিক সেই সময়তে আমৰ ঘৰলৈ সোমোৱা একেবাৰে বাহিৰৰ মুখ্য দুৱাৰৰ ওচৰত ওলমি থকা ঘণ্টাতো বাজি উঠিল|
বৰদেউতাই কলে, কোনোবাই চাগে মোক লগ পাব আহিছে, ম’ই চায় আহো, তহত যাব নালগে|
তথাপি মোৰ মা বৰদেউতাৰ পিছে পিছে গ’ল|
মায়ে সেই সময়ত মোক কোলাত লৈ টোপনি নিয়াবলৈ চেষ্টা কৰিছে|
কিন্তু মোৰ টোপনি অহা নাই|
সেই সময়ত বৰদেউতাৰ পিন্ধনত দীঘল হাতৰ বগা বনিয়ান এটা আৰু ইটা ৰংৰ পায়্জামা এটা|
তেও দুৱাৰ খোলাৰ শব্দ শুনি ম’ই মুৰ ডাঙিলো|

দুৱাৰ খুলিয়ে তেও গহীন ভৱে কলে "কাক লাগে?"
সেইটো ফলৰ পৰ উত্তৰ আহিল "মানুহ লাগে|"
ম’ই জুমি চালো|
অকণমান দুৰত জ্বলি থকা ৬০ ৱাটৰ বিজুলী বাটিতোৰ পোহৰত দেখিলো ২ জন মানুহ|
সিহঁতৰ পিন্ধনত কলা কাপোৰ আৰু মুখখনো কলা কাপোৰেৰে মেৰিয়াই ৰাখিছে|
চকু কেইটা ওলাই আছে মাত্ৰ|
আন এজনে মোৰ মাক লক্ষ্য কৰি কলে "আপুনি ভিতৰলৈ যাওক|"
কিন্তু মা তাতেই থাকিল|

তাৰ পিছত বৰদেউতাই সুধিলে "কোন মানুহক লাগে?"
সেই ফালৰ পৰা কোনো উত্তৰ নাহিল|
আহিল মাত্ৰ তিনিটা বিকত কাণ তাল মাৰি যোৱা শব্দ|
মোৰ বুকু কপি গ’ল আৰু ভয়ত চকু মুদি মাক সাৱতি ধৰিলো|
কেইমুহুৰ্ত মান পিছত শব্দ শুনিলো ধৰ-ধৰ, পলাল, পলাল|
লগে লগে চাৰিওফালে চিঞৰ আৰু কন্দোনৰ আৰম্ভণি|
মুৰ তুলি ঘুৰি চায় দেখিলো বৰদেউতা মাটিত শুই আছে|
লগে লগে মোৰ দেউতা আৰু ডাঙৰ দাদা (বৰদেউতাৰ বৰ পুত্ৰ) উধাতু খাই দৌৰি আহিছে|
তেওলোকে বৰদেউতাক ডাঙিলৈ তেওৰ শোৱনি কোঠালৈ লৈ গ’ল|
ম’ই মাক সুধিলো, "মা, বৰদেউতাৰ কি হৈছে, সেই মানুহ দুজন কোন আছিল, সেই ভয় লগা শব্দটো কিহৰ আছিল?"
মায়ে একো নকলে আৰু দেউতাহতৰ পিছে পিছে বৰদেউতাৰ শোৱা কোঠাত সোমাল|
১০ মিনিট মানৰ ভিতৰত প্ৰায় গাৱৰ সকলো মানুহ গোট খাই গৈছিল|
মোৰ মা কোঠাটোৰ ভিতৰত সোমায় গ’ল|
ইতিমধ্যে সকলোৱে কান্দা আৰম্ভ কৰিছিল|
মোৰ মায়েও কান্দিছিল আৰু মায়ে কন্দা দেখি ময়ো কন্দিছিলো|
কোঠাটোৰ ভিতৰত দেখিলো বৰদেউতা তেওৰ বিছনা খনত শুই আছে আৰু তেওৰ বগা ৰংৰ বনিয়াটোত তিনিটা ৰঙা ৰংৰ দাগ|
মাক ম’ই কিবা সোধাৰ আগতেই কোনোবাই পিছ্ফালে ফুচফুচাই কলে, "ডাক্তৰক কোনোবাই গুলিয়াই হত্যা কৰিলে"|