সৰু চহৰৰ ল’ৰা ম’ই|
সপোনবোৰো সৰু সৰু মোৰ|
সেই সৰু চহৰৰ সৰু ল’ৰাজন এতিয়া এই কংক্ৰিতৰ বিশাল মহানগৰীত বহুত অকলশৰীয়া|
অজস্ৰ ভিৰৰ মাজতো নিংসগতাই সদায় ছাঁৰ দৰে ফুৰে মোৰ লগত|
দীপাৱলীৰ বন্ধ দুদিন, অথচ ঘৰলৈ যাবলৈ আহৰি নাই|
নিজৰ ঘৰ, মা-দেউতাতকৈও বেছি প্ৰয়োজনীয় এতিয়া কাম|
ইমান যে যান্ত্ৰিক হৈ পৰিছো আমিবোৰ|
স্বাৰ্থপৰ সকলো, কেৱল নিজৰ বাবেই দৌৰিছো|
আগতে যে দীপাৱলীত কিমান ফুৰ্তি কৰিছিলো|
ৰাজা-মাইনাহঁতে চাগে আগৰ দৰেই মাঁক খাতনি ধৰিছে ৰংগোলী সাজিবলৈ|
বাইদেউ চাগে গোটেই ঘৰ পৰিষ্কাৰ কৰাত ব্যস্ত|
মা গধুলি চাকি জ্বলোৱাত|
দেউতাই চাগে বিচাৰি বিচাৰি ভাল কলগছ এডাল কাটি আনিছে পদূলিমুখত পুতিবলৈ|
আৰু আইতা চাগে গধুলি লক্ষ্মী পুজাৰ আয়োজনত|
সকলো কামৰ পৰা আজৰি হোৱাৰ পিছত মাঁহত চাগে জেতুকা লোৱাত ব্যস্ত হব|
প্ৰথম দেৱালীৰ পিছদিনা ৰাতিপুৱাই উঠি সকলোৰে পদুলিমুখত আধা পোৰা ফুলঝাৰি আৰু নুফুটা ফটকা বিচাৰি ফুৰাৰ আনন্দই বেলেগ|
কোনে কিমান বেচিকৈ বিচাৰিব পাৰে তাৰ প্ৰতিযোগিতা|
সেইদিনা ফটকা ফুটোৱাৰ আনন্দও বেলেগ|
"Excuse me sir, your coffee"|
এয়াৰ হোষ্টেচ জনীয়ে মাত দিয়াত থতমত খাই টোপনিৰ পৰা সাৰ পোৱা যেন পালো|
ম’ই কলো "Thank you"|
তেওঁ কলে "Happy Diwali Sir"|
ম’ইও তেওঁক শুভেচ্ছা জনালো|
"আপুনি ঘৰলৈ নেযায়" ম’ই সুধিলো|
তেওঁ কলে "আমাৰ দৰে সৰু মানুহবোৰৰ নো কি পুজা, কি দীপাৱলী| কাম কৰিবয় লাগিব"|
উত্সৱ কেৱল আপোনালোকৰদৰে ডাঙৰ মানুহবোৰৰ বাবেহে|
শেষৰ কথাখিনি কওতে মানুহগৰাকীৰ মুখখন সেমেকি গৈছিল|
ম’ই ভাবিব ধৰিলো কিহৰ তাৰনাত পৰি জানো তেওঁ এনেকৈই উত্সৱৰ দিনটো কাম কৰিবলগীয়া হৈছে|
চাগে মোৰ দৰেই যান্ত্ৰিক হৈ পৰিছে|
ঘৰলৈ খুব মনত পৰিলে|
পুৰণি দিনৰ কথা ভাবি ভাবি গৈ থাকোতে কেতিয়া নিজৰ গন্তব্য স্থান পালো গমকেই নাপালো|
দুৱাৰমুখত থিয় হৈ বেল বজালো|
ভিতৰত মহিলা এজনীয়ে চিঞৰি কোৱা শুনিলো "হেৰি, কোনোবা আহিছে, দৰ্জাখন খোলকচোন"|
বগা কুৰ্টা আৰু ধুটি পিন্ধি থকা মানুহ এজনে দৰ্জা খুলিলে|
মোক দেখি মানুহজন আচৰিত হৈ পৰিল আৰু আনন্দতে মোক সাৱতি ধৰিলে|
ম’ই কলো, দেউতা ম’ই আহিলো|