নিৰৱতাৰ চিটিকা পাতি ধৰিব নোৱাৰো সেইজাক বতাহ,
শুকাই কৰকৰীয়া অভিমানত বগা হোৱা ক্ষীণ সেইজাক বতাহ,
তোমাৰ আঙুলিৰ পৰা সৰি পৰিছিল,
তোমাৰ আঙুলিৰ বেঙুনীয়া গুঞ্জনৰ থোপা হৈছিল,
যিজাক বতাহত তুমি সুহুৰীয়াই ফুৰিছিলা,
পিঠিত আকি দিছিলা ডাৱৰৰ বগা-কলাবোৰ,
হাতৰ তলুৱাত পাৰি দিছিলা বিছনা.....
তাহানিতে তোমাৰ ঘামেৰে মোৰ মন তিতিছিল,
তোমাৰ নিচুকনিত মোৰ দুচকুত নামি আহিছিল নিদ্ৰাজাল,
সেই নিদ্ৰাজালৰ মাজত মাথো তোমাৰ নিৰৱতা,
মৌন ওঁঠ, তেজাল দুচকুৰ শব্দভৰা নিৰৱতা,
তোমাৰ আঙুলিৰ দাতিয়েদি নামি অহা নিৰৱতা,
তোমাৰ বাবেই অনাই বনাই ফুৰা সেইজাক নিৰৱতাৰ বতাহ,
গধুৰ গধুৰ শিলাখণ্ড হৈ জিলিকি উঠে শীতৰ জোনাকত,
যি মোৰ বিষাদৰ কজলালৈ নামিব এদিন শাৰী-শাৰীকৈ,
আৰু ম’ই ক’ত উকিয়াম তোমাৰ নিৰৱতাৰ বিমূৰ্ততা.....
নিৰৱতাৰ চিটিকা পাতি ধৰিব নোৱাৰো সেইজাক বতাহ,
যাৰ এছাটি এঙামুৰিৰ মাজত বিচাৰো তোমাৰ মুখখনি,
যাৰ এছাটি হাহিৰ মাজত বিচাৰো মাথো তোমাক,
আৰু বিচাৰো মাথো তোমাৰ হাতৰ তলুৱাত,
মাথো তোমাৰ হাতৰ তলুৱাত,
মোৰ হেপাহৰ তাহানিৰ সেই ক্ষীণ মাতটো.....
No comments:
Post a Comment