অশ্ৰুসিক্ত মোৰ দুগালৰ অপেক্ষা মাথো তোমাৰ উষ্ম দুহাতৰ,
শীতৰ নিষ্ঠুৰ কোবাল চেছা বতাহে সেৰেঙা কৰে যে প্ৰিয়াৰ দুহাত,
সেই সেৰেঙা দুহাতত পুৰণি সপোনৰ তিৰবিৰ চাকি গছি,
জ্বলি ৰ’ই মাথো মোৰ হৃদয়ৰ এসোতা তেজেৰে,
সেয়ে যে ভয় লাগে তেজেৰে তুমুৰালি খেলিবলৈ,
নেখেলো আৰু ভাল পোৱাৰ তেজাল খেল,
তাতোকৈ ভাল হ’ব ৰঙা গোলাপৰ পাহি,
গোলাপৰ পাহিৰে তোমাৰ বুকুলৈ বোৱাই দিয়া প্ৰেমৰ সুবাস.....
Tuesday, 10 January 2017
প্ৰেমৰ সুবাস
কান্দোন
কান্দোনৰ পৃথিৱীত যেন আৰু এটা কান্দোনৰ বেলি উদয় হয়|
বলিয়া মেঘৰ সেই ৰিক্ত আকাশ ৰহস্যময়তাত|
কান্দোনৰ সহচৰো দিগবলয়ৰ লগত|
যেন বিলিন হ’ব আৰু এক কল্লোলিত কান্দোনৰ অশান্তজৰ্জৰ দিগবলয়|
কান্দোনৰ কৰুণিক ঢৌ কোলাহলৰ মাজেৰে বাট আমাৰ|
স্বপ্নবাক সেই নাক্ষত্ৰিক হাহি পোহৰ|
বিমুগ্ধ বিষ্ময় ব্যকুলতাত বুৰ যাও অনাবিল আনন্দৰ সেই মায়াবী শিবিৰত|
হাত মেলি উৰি উৰি যায় নেকি তোমাৰ বুকুৰ পৰা গোট মাৰি শিল হোৱা, শিল হৈ চেচা হোৱা তোমাৰ বুকুৰ মৰম|
অজস্ৰ কান্দোনৰ সা ৰে গা মা পা.....|
কান্দি কান্দি আমি বুকু পাতি লও হেজাৰ হেজাৰ শোকৰ বুলেট|
কান্দি কান্দি আমি তেজত পুহি ৰাখো একালৰ সূৰ্য্য সতেজ|
কান্দিব জনাতো এক নিপুন কলা যদিহে তৰপে তৰপে অকা থাকে তাৰ সীমাহীন হৃদয়ৰ নিভাজ উত্তাপৰ ছায়াছবি|
প্ৰতিটো কান্দোনতে একোটা কবিতাৰ জন্ম|
প্ৰতিটো কবিতাতে জীৱনৰ বিৰল অৰ্থ|
প্ৰতিটো কান্দোনেই হব পাৰে একো একোটা প্ৰছণ্ড ধুমুহাৰ নাম|
প্ৰতিটো ধুমুহাই এছাৰি পেলাব পাৰে যন্ত্ৰণাৰ অলেখ নিৰ্মম পাহাৰ|
আৰু এই কান্দোনৰ মাজেদিয়েই তুমি ম’ই যাম এদিন খাণ্ডিবলৈ মাটি কিম্বা জ্বলাবলৈ চিটাৰ জুই|
আমাৰ প্ৰিয়জনৰ, আপোনজনৰ..... তাৰপিছত.....! আমাৰ.....?????
নিৰৱতা
নিৰৱতাৰ চিটিকা পাতি ধৰিব নোৱাৰো সেইজাক বতাহ,
শুকাই কৰকৰীয়া অভিমানত বগা হোৱা ক্ষীণ সেইজাক বতাহ,
তোমাৰ আঙুলিৰ পৰা সৰি পৰিছিল,
তোমাৰ আঙুলিৰ বেঙুনীয়া গুঞ্জনৰ থোপা হৈছিল,
যিজাক বতাহত তুমি সুহুৰীয়াই ফুৰিছিলা,
পিঠিত আকি দিছিলা ডাৱৰৰ বগা-কলাবোৰ,
হাতৰ তলুৱাত পাৰি দিছিলা বিছনা.....
তাহানিতে তোমাৰ ঘামেৰে মোৰ মন তিতিছিল,
তোমাৰ নিচুকনিত মোৰ দুচকুত নামি আহিছিল নিদ্ৰাজাল,
সেই নিদ্ৰাজালৰ মাজত মাথো তোমাৰ নিৰৱতা,
মৌন ওঁঠ, তেজাল দুচকুৰ শব্দভৰা নিৰৱতা,
তোমাৰ আঙুলিৰ দাতিয়েদি নামি অহা নিৰৱতা,
তোমাৰ বাবেই অনাই বনাই ফুৰা সেইজাক নিৰৱতাৰ বতাহ,
গধুৰ গধুৰ শিলাখণ্ড হৈ জিলিকি উঠে শীতৰ জোনাকত,
যি মোৰ বিষাদৰ কজলালৈ নামিব এদিন শাৰী-শাৰীকৈ,
আৰু ম’ই ক’ত উকিয়াম তোমাৰ নিৰৱতাৰ বিমূৰ্ততা.....
নিৰৱতাৰ চিটিকা পাতি ধৰিব নোৱাৰো সেইজাক বতাহ,
যাৰ এছাটি এঙামুৰিৰ মাজত বিচাৰো তোমাৰ মুখখনি,
যাৰ এছাটি হাহিৰ মাজত বিচাৰো মাথো তোমাক,
আৰু বিচাৰো মাথো তোমাৰ হাতৰ তলুৱাত,
মাথো তোমাৰ হাতৰ তলুৱাত,
মোৰ হেপাহৰ তাহানিৰ সেই ক্ষীণ মাতটো.....
তোমাৰ হাত
তোমাৰ হাতৰ আঙুলিত ওলমি ৰয় স্বৰ্ণ খাচিত সেই আকাশ|
যি আকাশৰ অগণন তৰা গণি গণি পাৰ হয় মোৰ নোযোৱা সময়|
দিনটোৰ ব্যস্ততাৰ শেষত ঢাপলি মেলো তোমাৰ সেই আকাশৰ তলত জিৰাবলৈ|
খুলি পেলাও নিৰ্ভয়ে ক্লান্তিৰ সেই পোছাক|
তোমাৰ হাতৰ আঙুলিৰ মাজেৰে সৰকি আহে জোনাক|
সেই জোনাকৰ প্লাৱনত উটি যাও ম’ই নিতে বনগীত হৈ|
সেই প্লাবনে বুৰাই মোৰ হৃদয়ৰ সমগ্ৰ কোঠালী|
উটি-ভাহি ফুৰে মোৰ হৃদয়ৰ আচবাব|
তোমাৰ হাতৰ আঙুলিৰ ফাকেৰে সোমাই আহে অজান বাঁহীৰ সুৰ|
সেই সুৰে সুৰে মন পখিলা উৰে চুবলৈ হেপাহৰ আকাশ|