সৰু চহৰখনলৈ বুলি ওলাইছো আজি|
মনটো কিছু গধুৰ যেন লাগিছে|
শুনিছো আইতাৰ হেনো অসুখ বেছি হৈছে|
দেউতাৰ ফোনটো পোৱাৰে পৰা বিভিন্ন চিন্তাই মনটো আগুৰি ধৰিছে|
কিমান যে মৰমীয়াল আইতা.....?????
সদায় ৰাতিপুৱা গা মুৰ ধুই ৩ কি:মি: আতৰৰ হৰগৌৰী মন্দিৰলৈ গৈছিল খোজকাঢ়ি|
সকলোৰে মঙ্গলৰ বাবে ভগাৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছিল|
তাকে দেখি ককাদেউতাই আইতাক কৈছিল তোমাক মন্দিৰ যাবলৈ মটৰগাড়ী এখন কিনি দিম|
বচ্ আৰু কি! ককাদেউতাৰ কথা মতেই কাম|
গাড়ী কিনিম বুলি কৈছে যেতিয়া কিনিবই|
এসপ্তাহ পিছতেই বেঙ্কৰ পৰা ঋণ লৈ গাড়ী আনি আগফালৰ চোতালত থিয় কৰাইছিল|
বগা ৰঙৰ ফিয়েট গাড়ী|
ঘৰৰ সকলোৰে মনত উখল-মাখল লাগিল|
আটাইতকৈ বেছি আইতাৰ|
কাৰখানাৰ বৰাবাবু ককাদেউতা|
কাৰখানাৰ ৰেছিডেন্সিয়েল কলনীৰ প্ৰথম গাড়ী বৰাবাবুৰ|
বচ্ আৰু কি.... লগৰীয়াৰ মাজত মোৰ ডিমাণ্ড বাঢ়ি গৈছিল|
আইতাৰো কষ্ট কম হৈ গ’ল|
ককাই সদায় ৰাতিপুৱা আইতাক গাড়ীত বহুৱাই মন্দিৰলৈ লৈ গৈছিল|
সেইটো যেন ককাৰ নিয়মিত কৰ্তব্য|
দিনবোৰ আনন্দৰে ভৰি পৰিছিল|
কিন্তু সেই আনন্দৰ পজাঘৰ জানো কৰ পৰা এজাক বলিয়া বতাহ আহি উৰুৱাই লৈ গ’ল|
কাৰখানা বন্ধ হৈ গ’ল এদিন|
বৰ বিশেষ জনা নাছিলো|
ডাঙৰৰ মুখত শুনিছিলো মালিকে হেনো কাৰখানা বন্ধ কৰি দিছে|
যাৰ বাবে বহুত হুলুস্থুল হ’ল|
কাৰখানাৰ কৰ্মচাৰীয়ে থানাত গোচৰ দিলে মালিকৰ বিৰুদ্ধে|
মালিকেও কৰ্মচাৰীৰ বিৰুদ্ধে|
গোচৰ গৈ কোৰ্ট পালে|
কাৰখানৰ কৰ্মচাৰীবোৰৰ অৱস্থা বেয়াৰফালে ঢাল খালে|
সকলোৰে দুবেলা দুমুঠি যোগাৰ কৰাটো কঠিন হৈ পৰিল|
ককাদেউতাৰ জমাৰ ধনেৰে আৰু দেউতাৰ সৰু চাকৰিটোৰে আমি যেনেতেনে চলি আছিলো|
আইতা আৰু মায়ে যেনেকৈ যিমান পাৰে কলনিৰ মানুহবোৰক সহায় কৰিছিল|
শেষত ককাই সেই কঠোৰ সিদ্ধান্তটো ল’লে|
এদিন ৰাতিপুৱা আইতাক ক’লে মই গাড়ী বেচিব ওলাইছো|
এতিয়া ঋণৰ কিস্তি দিয়া অসম্ভৱ|
আইতাই একো নকলে, বচ্ চাদৰৰ আচলেৰে চকুলো মচিলে|
আইতাই মন্দিৰলৈ যাবলৈ এৰি দিলে|
আইতাৰ দেহাও পৰি আহিল আৰু বিচনাখনকে সাৰথি কৰি ললে|
বহুত চিকিত্সা কৰা হ’ল, পৰীক্ষা কৰা হ’ল|
কিন্তু কতো একো বেমাৰ হ’লে ধৰা নপৰিল|
লাহে লাহে চিকিত্সা কৰিবলৈ এৰি দিলে সকলোৱে|
সুদীৰ্ঘ ৬টা বছৰ পাৰ হৈ গ’ল তেনেকৈ|
আইতাৰ হ’লে বেমাৰ ভাল ন’হল আৰু কোনেও ক’বও নোৱাৰিলে কি বেমাৰ হৈছে|
হঠাতে এদিন ৰাতিপুৱা ঘৰত হুৱা-দুৱা লাগিল|
মই তেতিয়া বিচনাত, সাৰ পাই ঘড়ীটোলৈ চালো, ৭.৩০ বাজিছে|
বাহিৰলৈ ওলাই আহি মাক কি হৈছে সুধিলো|
মায়ে ক’লে ৰাতিপুৱাৰে পৰা ককাদেউতা হেনো ঘৰত নাই|
আনদিনা ৰাতিপুৱা আগফালৰ বাৰাণ্ডাত বহি থাকে|
কিন্তু আজি নাই, কোনেও কতো দেখাও নাই|
দেউতা আৰু ওচৰ-চুবুৰীয়া দুজনমানে গোটেই কলনীখনত ককাক বিচাৰিলে|
কিন্তু কোনেও কতো ক’কাক দেখা নাপালে|
শেষত দেউতাই থানাত নিৰুদ্দেশৰ গোচৰ এটা দিবলৈ বুলি ক’কাৰ পুৰণি ফটো এখন পকেটত লৈ ওলাই গ’ল|
এঘণ্টামান পিছত দেউতা ঘূৰি আহি ক’কা আহি পাইছে নেকি সুধিলে|
মায়ে থোকা-থুকি মাতেৰে নাই বুলি কলে|
তেতিয়া আমি সকলো আইতাৰ বিচনাৰ ওচৰত বহি আছিলো|
এনেতেই আগফালৰ চোতালত গাড়ী এখন ৰোৱা শব্দ শুনি দেউতা ওলাই আহিল|
বাহিৰত ক’কাৰ মাত শুনি আমিও লগে লগে বাহিৰলৈ ওলাই আহিলো|
আটাইবোৰে ক’কাক ক’ত গৈছিল সুধিলো|
ক’কাই কোনো উত্তৰ নিদিলে আৰু সকলোকে ৰৈ থাকিবলৈ ইংগিত দি ভিতৰলৈ সোমাই গ’ল|
অলপ সময় পিছত দেখিলো ক’কাই আইতাক দুবাহুত ধৰি বাহিৰলৈ উলিয়াই আনিছে|
দেউতাৰফালে চাই ক’লে, কৰাখানাৰ গোচৰটোত আমি জিকিলো|
আঠদিনমান আগতে টকা খিনিও পালো|
আইতাক আগফালে ৰখাই থোৱা গাড়ীখনলৈ আঙুলিয়াই দেখুৱালে|
আৰু ক’লে, তোমাৰ পছন্দৰ বগা ৰঙৰ ফিয়েট গাড়ী|
ব’লা হৰগৌৰী মন্দিৰৰ পৰা আহো..... :)
Sunday, 20 November 2016
আধৰুৱা স্মৃতি - ১২
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment