Sunday, 20 November 2016

আধৰুৱা স্মৃতি - ১১

অফিচৰ পৰা আহি কোনোমতে ভাত কেইটা পেটত পেলাই লৰালৰিকৈ ষ্টেচনলৈ বুলি ঢাপলি মেলিলো|
সৰু চহৰৰ লৰা মই|সৰু চহৰখনলৈ বুলি ওলাইছো আজি বহুদিনৰ পিছত|
দিনটোৰ শেষৰ ৰেলখন কোনোমতে পালো|
বহিবলৈ আসন নাই, তথাপি সৰু চহৰখনলৈ যোৱাৰ আনন্দই দিনটোৰ ভাগৰখিনি পাহৰাই পেলাইছে|
মোৰ মৰমৰ সৰু চহৰখন, প্ৰথম জীৱন পোৱাৰ সৰু চহৰখন|
তোমাৰ ভালপোৱাৰ প্ৰথমজাক বৰুষুণত তিতাৰ সেই সৰু চহৰখন|
সৰু চহৰখন আজি আৰু সৰু হৈ থকা নাই|
কংক্ৰিতৰ বিশাল অট্টালিকাবোৰে যেন গ্ৰাস কৰিব ধৰিছে সকলো|
ৰাতিপুৱাৰ শেৱালীৰ গোন্ধ আতৰি ভাহি আহে বিভত্‍স দুৰ্গন্ধ|
ভালপোৱাৰ বৰষুণ নিদিয়ে তাত আজিকালি|
তাহানিৰ ভালপোৱাৰ বৰষুণ, ভালপোৱাৰ শীত, ভালপোৱাৰ বসন্ত নাহে সৰু চহৰখনলৈ|
মা-দেউতাৰ গালি খোৱা দিনবোৰ, ডেকা ছাৰৰ খংত চকু ৰঙা কৰি কোবাবলৈ চোছা লোৱা দিনবোৰ|
ভালদিন আছিল সেইবোৰ, জানো ক’ত হেৰাই গ’ল|
এতিয়া চাগে সৰু চহৰখনত ৰাসৰ প্ৰস্তুতি চলিছে পূৰ্ণগতিত|
মনত পৰে জানো তোমাৰ তেতিয়াৰ ৰাসৰ আনন্দস্মৃতিবোৰ?
যৌবনৰ দুৱাৰদলিত ভৰি থৈ ৰাসলীলাৰ আনন্দত আত্মহাৰা হৈ পৰা দিনবোৰ |
প্ৰথম ভালপোৱাৰ পৰশ লগা তোমাৰ উন্মুক্ত বুকুৰ ভিতৰৰ খলকনি|
তিলতিলকৈ বুকুৰ মাজত বাঢ়ি অহা মৰম নদীৰ পাৰ ভাগি যাব বিচাৰে|
পাৰ ভাগি যাব বিচাৰে মাথো তোমাৰ মন সাগৰত বিলীন হ’বলৈ|
তুমি জানো বুজা নাছিলা তিৰবিৰাই থকা দুচকুৰ ভাষা?
শীতত কপি থকা দুটি ওঁঠৰ মৌনতা|
তোমাৰ চকুলৈ চাব ভয় লাগিছিল|
জানোছা ধৰা পৰি যায় মোৰ দুচকুৰ চঞ্চলতা|
আজি আৰু সেই উত্‍কণ্ঠা আনন্দ নাই|
আছে মাথোঁ নিষ্ঠুৰ বাস্তৱতা|
যন্ত্ৰৰে আৱৰা পৃথিৱীত যান্ত্ৰিক সকলো|
শেৱালীৰ সুবাস লোৱাৰ আজৰি আৰু আজি কৰোৰে নাই|
ভালপোৱাৰ মাদকতা বন্দী মাথোঁ ঘড়ীৰ কাটাত|
বসন্তৰ ৰ’দালি নিয়ন্ত্ৰিত হয় শীত-তাপ নিয়ন্ত্ৰণ যন্ত্ৰত|
সলনি জীৱন নদীৰ সকলো ঘাট, নাৱৰ নাৱৰীয়া, সহযাত্ৰী|
সলনি নহয় মাথোঁ মোৰ জীৱন সোতৰ গতি|
কেতিয়াবা ভাবো তোমাৰ দৰে ময়ো হৃদয়হীন হ’ব পৰা হ’লে.....

No comments:

Post a Comment