Thursday, 1 December 2016

এটোপাল চকুলো

এখনি ভগ্ন হৃদয়ৰ টুকুৰা
এটোপাল চকুলো
কলিজাৰ কেচা তেজেৰে লুতুৰিপুতুৰি
এপাহ ৰঙা গোলাপ
আৰুনু কি আছে দিবলৈ মোৰ
নালাগে আৰু ভালপোৱা
নেখেলো আৰু প্ৰেমৰ তেজাল খেল
তোমাৰ চকুলোৰে ধুই পেলোৱা
চেকুৰা চেকুৰ শুকাই কলা হোৱা
শোকৰ তেজাল স্মৃতি.....

কবি নহয় মই

কবিতা লিখিবলৈ কবি নহয় মই
পৰিৰ কাহিনী লিখিবলৈ শব্দও নাই
নাই প্ৰেমৰ প্ৰথম অনুভৱ
ভগ্ন হৃদয়ৰ টুকুৰা বুকুত সাৱতি
জীয়াই আছোঁ মাথোঁ
অপেক্ষাৰত অচিন চিনাকিলৈ
অকণমান সহাৰিৰ অপেক্ষাত
হৃদয়ৰ কোণত এচিকটা মাটিলৈ
সেয়াই হব জীৱন জীয়াৰ সমল
জীয়াই থকাৰ অৰ্থপূৰ্ণ সমল
আৰুনু কি লাগিছে
জীৱন উদযাপন কৰিব'লৈ..... ❤

হৃদয়ৰ পৃষ্ঠা

পৰিসীমাত আৱদ্ধ আজি মোৰ মৈলাম
উকা হৈ ৰল হৃদয়ৰ পৃষ্ঠাসমূহ
তেজৰ চিয়াহীৰে পুৰাম কেতিয়াবা
তোমাৰ ৰঙা নীলাৰে লিখিম
ভালপোৱাৰ দস্তাবেজ
যদিহে সময়ে দিয়ে তোমাৰ স্মৃতি
আকৌ ৰুম গোলাপৰ পুলি
হোৱাহি যদি তুমি মোৰ
মন ফুলনিৰ মালিনী..... ❤🌹

পৰিসৰ

সুবিশাল অনুভৱৰ পৰিসৰক
দুখেৰে নিদিবা প্লাৱিত হবলৈ
যোগাত্মক ভাৱে লিখি যোৱা
তোমাৰ জীৱনৰ টোকাবহীত
স্মৃতিৰ শীতল ছাত বহি
যেতিয়া লুটিয়াই চাবা
হৃদয়ৰ দস্তাবেজ
জীৱনৰ বিয়লিবেলাত
বিচাৰি পাবা তাতেই
জীৱন জীয়াৰ সাৰ্থকতা.....☺

এমুঠি জোনাক

হৃদয়ৰ অনুভূতি বন্দী আজি
উৱলি যোৱা ডায়েৰীৰ এখিলা পাতত
তেজৰ চিয়াঁহী শুকাই
চেকুৰা চেকুৰ দাগ মাথোঁ
হৃদয়ৰ শোণিতৰ.....
হৃদয়ৰ ঠিকনা বিচাৰি
ভাগৰি ক্লান্ত হোৱাৰ পৰত
লুটিয়াই চাবা মাথোঁ
হৃদয় ডায়েৰীৰ এখিলা পাত
বিচাৰি পাবা তাতেই
মুকবধিৰ হৃদয়ৰ
এমুঠি জোনাক.....❤

Sunday, 20 November 2016

আধৰুৱা স্মৃতি - ১২

সৰু চহৰখনলৈ বুলি ওলাইছো আজি|
মনটো কিছু গধুৰ যেন লাগিছে|
শুনিছো আইতাৰ হেনো অসুখ বেছি হৈছে|
দেউতাৰ ফোনটো পোৱাৰে পৰা বিভিন্ন চিন্তাই মনটো আগুৰি ধৰিছে|
কিমান যে মৰমীয়াল আইতা.....?????
সদায় ৰাতিপুৱা গা মুৰ ধুই ৩ কি:মি: আতৰৰ হৰগৌৰী মন্দিৰলৈ গৈছিল খোজকাঢ়ি|
সকলোৰে মঙ্গলৰ বাবে ভগাৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছিল|
তাকে দেখি ককাদেউতাই আইতাক কৈছিল তোমাক মন্দিৰ যাবলৈ মটৰগাড়ী এখন কিনি দিম|
বচ্ আৰু কি! ককাদেউতাৰ কথা মতেই কাম|
গাড়ী কিনিম বুলি কৈছে যেতিয়া কিনিবই|
এসপ্তাহ পিছতেই বেঙ্কৰ পৰা ঋণ লৈ গাড়ী আনি আগফালৰ চোতালত থিয় কৰাইছিল|
বগা ৰঙৰ ফিয়েট গাড়ী|
ঘৰৰ সকলোৰে মনত উখল-মাখল লাগিল|
আটাইতকৈ বেছি আইতাৰ|
কাৰখানাৰ বৰাবাবু ককাদেউতা|
কাৰখানাৰ ৰেছিডেন্সিয়েল কলনীৰ প্ৰথম গাড়ী বৰাবাবুৰ|
বচ্ আৰু কি.... লগৰীয়াৰ মাজত মোৰ ডিমাণ্ড বাঢ়ি গৈছিল|
আইতাৰো কষ্ট কম হৈ গ’ল|
ককাই সদায় ৰাতিপুৱা আইতাক গাড়ীত বহুৱাই মন্দিৰলৈ লৈ গৈছিল|
সেইটো যেন ককাৰ নিয়মিত কৰ্তব্য|
দিনবোৰ আনন্দৰে ভৰি পৰিছিল|
কিন্তু সেই আনন্দৰ পজাঘৰ জানো কৰ পৰা এজাক বলিয়া বতাহ আহি উৰুৱাই লৈ গ’ল|
কাৰখানা বন্ধ হৈ গ’ল এদিন|
বৰ বিশেষ জনা নাছিলো|
ডাঙৰৰ মুখত শুনিছিলো মালিকে হেনো কাৰখানা বন্ধ কৰি দিছে|
যাৰ বাবে বহুত হুলুস্থুল হ’ল|
কাৰখানাৰ কৰ্মচাৰীয়ে থানাত গোচৰ দিলে মালিকৰ বিৰুদ্ধে|
মালিকেও কৰ্মচাৰীৰ বিৰুদ্ধে|
গোচৰ গৈ কোৰ্ট পালে|
কাৰখানৰ কৰ্মচাৰীবোৰৰ অৱস্থা বেয়াৰফালে ঢাল খালে|
সকলোৰে দুবেলা দুমুঠি যোগাৰ কৰাটো কঠিন হৈ পৰিল|
ককাদেউতাৰ জমাৰ ধনেৰে আৰু দেউতাৰ সৰু চাকৰিটোৰে আমি যেনেতেনে চলি আছিলো|
আইতা আৰু মায়ে যেনেকৈ যিমান পাৰে কলনিৰ মানুহবোৰক সহায় কৰিছিল|
শেষত ককাই সেই কঠোৰ সিদ্ধান্তটো ল’লে|
এদিন ৰাতিপুৱা আইতাক ক’লে মই গাড়ী বেচিব ওলাইছো|
এতিয়া ঋণৰ কিস্তি দিয়া অসম্ভৱ|
আইতাই একো নকলে, বচ্ চাদৰৰ আচলেৰে চকুলো মচিলে|
আইতাই মন্দিৰলৈ যাবলৈ এৰি দিলে|
আইতাৰ দেহাও পৰি আহিল আৰু বিচনাখনকে সাৰথি কৰি ললে|
বহুত চিকিত্‍সা কৰা হ’ল, পৰীক্ষা কৰা হ’ল|
কিন্তু কতো একো বেমাৰ হ’লে ধৰা নপৰিল|
লাহে লাহে চিকিত্‍সা কৰিবলৈ এৰি দিলে সকলোৱে|
সুদীৰ্ঘ ৬টা বছৰ পাৰ হৈ গ’ল তেনেকৈ|
আইতাৰ হ’লে বেমাৰ ভাল ন’হল আৰু কোনেও ক’বও নোৱাৰিলে কি বেমাৰ হৈছে|
হঠাতে এদিন ৰাতিপুৱা ঘৰত হুৱা-দুৱা লাগিল|
মই তেতিয়া বিচনাত, সাৰ পাই ঘড়ীটোলৈ চালো, ৭.৩০ বাজিছে|
বাহিৰলৈ ওলাই আহি মাক কি হৈছে সুধিলো|
মায়ে ক’লে ৰাতিপুৱাৰে পৰা ককাদেউতা হেনো ঘৰত নাই|
আনদিনা ৰাতিপুৱা আগফালৰ বাৰাণ্ডাত বহি থাকে|
কিন্তু আজি নাই, কোনেও কতো দেখাও নাই|
দেউতা আৰু ওচৰ-চুবুৰীয়া দুজনমানে গোটেই কলনীখনত ককাক বিচাৰিলে|
কিন্তু কোনেও কতো ক’কাক দেখা নাপালে|
শেষত দেউতাই থানাত নিৰুদ্দেশৰ গোচৰ এটা দিবলৈ বুলি ক’কাৰ পুৰণি ফটো এখন পকেটত লৈ ওলাই গ’ল|
এঘণ্টামান পিছত দেউতা ঘূৰি আহি ক’কা আহি পাইছে নেকি সুধিলে|
মায়ে থোকা-থুকি মাতেৰে নাই বুলি কলে|
তেতিয়া আমি সকলো আইতাৰ বিচনাৰ ওচৰত বহি আছিলো|
এনেতেই আগফালৰ চোতালত গাড়ী এখন ৰোৱা শব্দ শুনি দেউতা ওলাই আহিল|
বাহিৰত ক’কাৰ মাত শুনি আমিও লগে লগে বাহিৰলৈ ওলাই আহিলো|
আটাইবোৰে ক’কাক ক’ত গৈছিল সুধিলো|
ক’কাই কোনো উত্তৰ নিদিলে আৰু সকলোকে ৰৈ থাকিবলৈ ইংগিত দি ভিতৰলৈ সোমাই গ’ল|
অলপ সময় পিছত দেখিলো ক’কাই আইতাক দুবাহুত ধৰি বাহিৰলৈ উলিয়াই আনিছে|
দেউতাৰফালে চাই ক’লে, কৰাখানাৰ গোচৰটোত আমি জিকিলো|
আঠদিনমান আগতে টকা খিনিও পালো|
আইতাক আগফালে ৰখাই থোৱা গাড়ীখনলৈ আঙুলিয়াই দেখুৱালে|
আৰু ক’লে, তোমাৰ পছন্দৰ বগা ৰঙৰ ফিয়েট গাড়ী|
ব’লা হৰগৌৰী মন্দিৰৰ পৰা আহো..... :)

আধৰুৱা স্মৃতি - ১১

অফিচৰ পৰা আহি কোনোমতে ভাত কেইটা পেটত পেলাই লৰালৰিকৈ ষ্টেচনলৈ বুলি ঢাপলি মেলিলো|
সৰু চহৰৰ লৰা মই|সৰু চহৰখনলৈ বুলি ওলাইছো আজি বহুদিনৰ পিছত|
দিনটোৰ শেষৰ ৰেলখন কোনোমতে পালো|
বহিবলৈ আসন নাই, তথাপি সৰু চহৰখনলৈ যোৱাৰ আনন্দই দিনটোৰ ভাগৰখিনি পাহৰাই পেলাইছে|
মোৰ মৰমৰ সৰু চহৰখন, প্ৰথম জীৱন পোৱাৰ সৰু চহৰখন|
তোমাৰ ভালপোৱাৰ প্ৰথমজাক বৰুষুণত তিতাৰ সেই সৰু চহৰখন|
সৰু চহৰখন আজি আৰু সৰু হৈ থকা নাই|
কংক্ৰিতৰ বিশাল অট্টালিকাবোৰে যেন গ্ৰাস কৰিব ধৰিছে সকলো|
ৰাতিপুৱাৰ শেৱালীৰ গোন্ধ আতৰি ভাহি আহে বিভত্‍স দুৰ্গন্ধ|
ভালপোৱাৰ বৰষুণ নিদিয়ে তাত আজিকালি|
তাহানিৰ ভালপোৱাৰ বৰষুণ, ভালপোৱাৰ শীত, ভালপোৱাৰ বসন্ত নাহে সৰু চহৰখনলৈ|
মা-দেউতাৰ গালি খোৱা দিনবোৰ, ডেকা ছাৰৰ খংত চকু ৰঙা কৰি কোবাবলৈ চোছা লোৱা দিনবোৰ|
ভালদিন আছিল সেইবোৰ, জানো ক’ত হেৰাই গ’ল|
এতিয়া চাগে সৰু চহৰখনত ৰাসৰ প্ৰস্তুতি চলিছে পূৰ্ণগতিত|
মনত পৰে জানো তোমাৰ তেতিয়াৰ ৰাসৰ আনন্দস্মৃতিবোৰ?
যৌবনৰ দুৱাৰদলিত ভৰি থৈ ৰাসলীলাৰ আনন্দত আত্মহাৰা হৈ পৰা দিনবোৰ |
প্ৰথম ভালপোৱাৰ পৰশ লগা তোমাৰ উন্মুক্ত বুকুৰ ভিতৰৰ খলকনি|
তিলতিলকৈ বুকুৰ মাজত বাঢ়ি অহা মৰম নদীৰ পাৰ ভাগি যাব বিচাৰে|
পাৰ ভাগি যাব বিচাৰে মাথো তোমাৰ মন সাগৰত বিলীন হ’বলৈ|
তুমি জানো বুজা নাছিলা তিৰবিৰাই থকা দুচকুৰ ভাষা?
শীতত কপি থকা দুটি ওঁঠৰ মৌনতা|
তোমাৰ চকুলৈ চাব ভয় লাগিছিল|
জানোছা ধৰা পৰি যায় মোৰ দুচকুৰ চঞ্চলতা|
আজি আৰু সেই উত্‍কণ্ঠা আনন্দ নাই|
আছে মাথোঁ নিষ্ঠুৰ বাস্তৱতা|
যন্ত্ৰৰে আৱৰা পৃথিৱীত যান্ত্ৰিক সকলো|
শেৱালীৰ সুবাস লোৱাৰ আজৰি আৰু আজি কৰোৰে নাই|
ভালপোৱাৰ মাদকতা বন্দী মাথোঁ ঘড়ীৰ কাটাত|
বসন্তৰ ৰ’দালি নিয়ন্ত্ৰিত হয় শীত-তাপ নিয়ন্ত্ৰণ যন্ত্ৰত|
সলনি জীৱন নদীৰ সকলো ঘাট, নাৱৰ নাৱৰীয়া, সহযাত্ৰী|
সলনি নহয় মাথোঁ মোৰ জীৱন সোতৰ গতি|
কেতিয়াবা ভাবো তোমাৰ দৰে ময়ো হৃদয়হীন হ’ব পৰা হ’লে.....