Friday, 13 September 2013

আধৰুৱা স্মৃতি - ১০

সৰু চহৰৰ লৰা ম’ই|
গধূলিৰ বৰষুণজাকে আকৌ সৰু চহৰখনলৈ মনত পেলালে|
মোৰ মৰমৰ সৰু চহৰখন|
কিনকিনীয়া বৰষুণ এজাকে সৰু চহৰখনক ধুনীয়া কৰি তোলে|
বৰষুণে ধুৱাই নিয়া কৃষ্ণচূড়াৰ ফুলে চহৰখন ৰাঙলী কৰি তোলে|
আজি আকৌ এজাক বৰষুণ আহিল|
কিনকিনীয়া বৰষুণ|
কোনোবাই দৌৰি বাছষ্টপত ৰৈছে|
কোনোবাই পথৰ দাঁতিৰ সৰু চাহদোকানখনত ৰৈ প্লাষ্টিকৰ গিলাছত ৰঙা চাহ এটুপিৰ চিপ লৈছে|
আৰু কোনোবা ডেকা-গাভৰুৱে গছ এজোপাৰ তলতে ৰৈছেহি|
আজিও চাগে কৃষ্ণচূড়া কেইজোপাই ৰাঙলী হৈ নাচিছে|
কিমানদিন যে হ’ল বৰষুণত তিতা নাই|
সুমধুৰ আছিল তোমাৰ লগত বৰষুণত তিতা দিনবোৰ|
বৰষুণত তিতি সৰু চহৰখনৰ ফুটপাথত হাতত হাত ধৰি খোজ কঢ়া দিনবোৰ|
কৃষ্ণচূড়াই সাজোন-কাছোন কৰা দিনবোৰ|
জানো ক’ত হেৰাই গ’ল|
কংক্ৰিটৰ যান্ত্ৰিক মহানগৰীত সকলো মাথোঁ যন্ত্ৰৰ দৰে দৌৰি ফুৰিছে|
বৰষুণত তিতিবলৈ, কৃষ্ণচূড়াৰ নাচোন চাবলৈ কাৰোৰে যে আহৰিয়ে নাই|
তথাপি কৃষ্ণচূড়াই নাচিছে, বৰষুণ জাকে গাইছে|
ম’ই ভবাৰ দৰে তুমিও বাৰু ভাবানে এতিয়াও?
এতিয়াও জানো কৃষ্ণচূড়াৰ ৰঙত ৰাঙলী হোৱা?
বৰষুণৰ গান বাউলী হৈ শুনানে বাৰু এতিয়াও?
নে তুমিও যন্ত্ৰৰ চহৰত যান্ত্ৰিক হৈ পৰিছা?

আধৰুৱা স্মৃতি - ৯

সৰু চহৰৰ লৰা মই|
আজি মই সৰু চহৰখনত|
মোৰ মৰমৰ সৰু চহৰখনত|
কিন্তু মোৰ মৰমৰ সৰু চহৰখন যে আৰু মোৰ হৈ থকা নাই|
বহু দূৰলৈ গুচি গৈছে মোৰপৰা|
মোৰ মৰমৰ সৰু চহৰখনত এতিয়া বিশাল অট্টালিকাৰ ৰাজত্ব|
আলিবাটত শিশুহঁতৰ দৌৰা-দৌৰি নহয়|
প্ৰতিযোগিতা মাথোঁ অত্যাধুনিক যান-বাহনৰ|
তথাপি যে আজিও বুকুৰ আপোন মোৰ মৰমৰ সৰু চহৰখন|
কলা ধোৱাই ম্লান কৰিব নোৱাৰে তোমাৰ-আমাৰ স্মৃতিবোৰ|
সৌসিদিনা সকলোৰে লগত আবিৰেৰে আকাশ ৰাঙলী কৰা দিনবোৰ|
ঘৰে ঘৰে গৈ হ’লী গীত গোৱা দিনবোৰ|
লক্ষ্মী পূজাৰ ভোজভাত খোৱা দিনবোৰ|
অত্যাধুনিক নাছিল তেতিয়াৰ পূজা আজিৰ দৰে|
তথাপি ম্লান কৰিব নোৱাৰে সেই স্মৃতি আজিৰ ৰঙা-নীলা বিজুলীবাতিয়ে|
এইবেলি পূজাত সৰু চহৰখনত মই|
কিন্তু সকলো যেন যান্ত্ৰিক যেনহে লাগিছে|
লৰালিৰ পূজাৰ মাদকতা আৰু আনন্দ যে আজি আৰু কতো পাবলৈ নাই|
তোমাৰ বাৰু মনত আছেনে সেইদিনবোৰ|
পূজাত একেলগে জীলাপিৰ সোৱাদ লোৱা দিনবোৰ|
ৰাতি সকলোৱে মিলি ধানখেৰৰ দলিচাত বহি নাটক চোৱা দিনবোৰ|
নাটকৰ মাজে মাজে চানা-ভজাৰ সোৱাদ লোৱা দিনবোৰ|
পৰেশ কাই আৰু নাই নাটকৰ মাজত চানা-ভজাৰ সোৱাদ দিবলৈ|
পৰেশ কাইৰ দৰে সকলো যেন নিঃশেষ হ’ব ধৰিছে|
হয়তো এদিন তুমিও এৰি যাবা মোক|
থাকি যাব মাথোঁ তোমাৰ স্মৃতিবোৰ|
মোৰ হৃদয়ৰ স্মৃতিৰ জোলোঙাত সযতনে নীৰৱে|
তোমাৰ-আমাৰ আধৰুৱা স্মৃতিবোৰ.....