সৰু চহৰৰ লৰা মই|
আজি মই সৰু চহৰখনত|
মোৰ মৰমৰ সৰু চহৰখনত|
কিন্তু মোৰ মৰমৰ সৰু চহৰখন যে আৰু মোৰ হৈ থকা নাই|
বহু দূৰলৈ গুচি গৈছে মোৰপৰা|
মোৰ মৰমৰ সৰু চহৰখনত এতিয়া বিশাল অট্টালিকাৰ ৰাজত্ব|
আলিবাটত শিশুহঁতৰ দৌৰা-দৌৰি নহয়|
প্ৰতিযোগিতা মাথোঁ অত্যাধুনিক যান-বাহনৰ|
তথাপি যে আজিও বুকুৰ আপোন মোৰ মৰমৰ সৰু চহৰখন|
কলা ধোৱাই ম্লান কৰিব নোৱাৰে তোমাৰ-আমাৰ স্মৃতিবোৰ|
সৌসিদিনা সকলোৰে লগত আবিৰেৰে আকাশ ৰাঙলী কৰা দিনবোৰ|
ঘৰে ঘৰে গৈ হ’লী গীত গোৱা দিনবোৰ|
লক্ষ্মী পূজাৰ ভোজভাত খোৱা দিনবোৰ|
অত্যাধুনিক নাছিল তেতিয়াৰ পূজা আজিৰ দৰে|
তথাপি ম্লান কৰিব নোৱাৰে সেই স্মৃতি আজিৰ ৰঙা-নীলা বিজুলীবাতিয়ে|
এইবেলি পূজাত সৰু চহৰখনত মই|
কিন্তু সকলো যেন যান্ত্ৰিক যেনহে লাগিছে|
লৰালিৰ পূজাৰ মাদকতা আৰু আনন্দ যে আজি আৰু কতো পাবলৈ নাই|
তোমাৰ বাৰু মনত আছেনে সেইদিনবোৰ|
পূজাত একেলগে জীলাপিৰ সোৱাদ লোৱা দিনবোৰ|
ৰাতি সকলোৱে মিলি ধানখেৰৰ দলিচাত বহি নাটক চোৱা দিনবোৰ|
নাটকৰ মাজে মাজে চানা-ভজাৰ সোৱাদ লোৱা দিনবোৰ|
পৰেশ কাই আৰু নাই নাটকৰ মাজত চানা-ভজাৰ সোৱাদ দিবলৈ|
পৰেশ কাইৰ দৰে সকলো যেন নিঃশেষ হ’ব ধৰিছে|
হয়তো এদিন তুমিও এৰি যাবা মোক|
থাকি যাব মাথোঁ তোমাৰ স্মৃতিবোৰ|
মোৰ হৃদয়ৰ স্মৃতিৰ জোলোঙাত সযতনে নীৰৱে|
তোমাৰ-আমাৰ আধৰুৱা স্মৃতিবোৰ.....
No comments:
Post a Comment